চিলৰেণ্ডচ ফিল্ম চছাইটী, ইণ্ডিয়াই প্ৰযোজনা কৰা অসমীয়া কথাছবি ‘ইশু’ই বাংলাদেশ আৰু ফ্ৰান্স আৰু সুবিমল ভট্টাচাৰ্যই প্ৰযোজনা কৰা দ্বিতীয় মহাযুদ্ধৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘মেমৰিজ অব এ ফৰগটেন ৱাৰ’এ MIFF আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে দুয়োখন চলচ্চিত্ৰৰ পৰিচালক হ’ল অসমৰ যশস্বী চলচ্চিত্ৰ পৰিচালক উৎপল বৰপূজাৰী।
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচক বৰপূজাৰীৰ প্ৰথম পূৰ্ণদৈৰ্ঘৰ কাহিনী কথাছবি ‘ইশু’ ২৭ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া ১১সংখ্যক বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ আৰু অহা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ ‘টাওলোচে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’, ফ্ৰান্সৰ প্ৰতিযোগিতা শাখাত যোগদান কৰাৰ বাবে নিৰ্বাচিত হৈছে।
আনহাতে ‘মেমৰিজ অব এ ফৰগটেন ৱাৰ’ তথ্যচিত্ৰখন ভাৰতৰ সৰ্ববৃহৎ তথ্যচিত্ৰ, চুটি আৰু এনিমেশ্বন চলচ্চিত্ৰ মহোৎসৱ ১৫সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰৰ্দশনৰ বাবে নিৰ্বাচিত হৈছে।
মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত ‘ইশু’ নামৰ কথাছবিখনে ইতিমধ্যে কানাড়া শিশু চলচ্চিত্ৰ মহোৎসৱ, ২৩সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, তৃতীয় স্মাইল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ফৰ চিলৰেণ্ড এণ্ড য়ুথ, নিউ দিল্লী, তৃতীয় আই এচিয়ান ফিল্ম ফেষ্টিভেল মুম্বাই, ১০সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিত অংশ গ্ৰহণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কলকাতাৰ মহোৎসৱখনত তেওঁ ভাৰতীয় ভাষা শাখাত শ্ৰেষ্ঠ কথাছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বিভাগত নমিনেচন লাভ কৰিছিল।
দ্বিতীয় মহাযুদ্ধৰ সময়ত নগালেণ্ড আৰু মণিপুৰৰ মাটিত ঘটি যোৱা অথচ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা বিভিন্ন ঘটনাৰ ওপৰত বিস্তৃত গবেষণা কৰি নিৰ্মাণ কৰা ‘মেমৰিজ অব এ ফৰগটেন ৱাৰ’ নামৰ তথ্যচিত্ৰখনে ৪৭সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া, গোৱা, দ্য নৰমেন্দি চেকেণ্ড ৱৰ্ল্ড ৱাৰ ফিল্ম ফেষ্টিভেল, ফ্ৰান্স, দ্য ফ্ৰেগৰেন্স অব দ্য নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল, পুনে আৰু ৫ সংখ্যক উডপিকাৰ ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নতুন দিল্লী আদিত অংশ গ্ৰহণ কৰি দৰ্শকৰ দ্বাৰা প্ৰশংসিত হৈছিল। নতুন দিল্লীৰ মহোৎসৱত তেওঁ উত্তৰ-পূবৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান লাভ কৰিছিল।