উঃ-পূবৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ হতাশাজনক : মেঘালয়ত ৩৩, ত্ৰিপুৰাত ২৪, নাগালেণ্ডত ৫গৰাকী

Northeast_India_States

ইয়াৰ লোকসমাজত মহিলাৰ স্থান যথেষ্ট উচ্চ তথা মৰ্য্যাদাপূৰ্ণ হোৱা সত্ত্বেও উত্তৰ-পূবত মহিলাই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো এতিয়াও উৎসহাজনক স্তৰলৈ উঠা নাই।

অলপতে বিধানসভাৰ নিৰ্বাচন হ’ব লগীয়া অঞ্চলটোৰ তিনিখনকৈ ৰাজ্যত মহিলা প্ৰাৰ্থীৰ সংখ্যাও তেনেই কম হোৱা দেখা গৈছে। এই সংখ্যা মেঘালয়ত ৩৪৪ জনৰ ভিতৰত ৩৩ গৰাকী (৯.৫৯৩%), ত্ৰিপুৰাত ২৯৭ জনৰ ভিতৰত ২৪ গৰাকী (৮.০৮১%) আৰু নাগালেণ্ডত ২৫৭ ৰ ভিতৰত মাত্ৰ ৫গৰাকী (১.৯৪৬%)।

ভাৰতৰ বাকী অংশৰ তুলনাত অঞ্চলটোৰ (উত্তৰ-পূৰ্বাঞ্চলৰ) মহিলাসকলৰ মুকলিমূৰীয়া জীৱন ধাৰা দেখা পোৱা যায় যদিও ৰাজনীতিত তাৰ প্ৰতিফলন ঘটা খুব কমেইহে দেখা যায়। যোৱা বছৰ আৰু তাৰ আগৰ বছৰ বিধানসভাৰ নিৰ্বাচন হৈ যোৱা দুখন ৰাজ্য ক্ৰমে মণিপুৰ আৰু অসমতো এই হাৰ আছিল হতাশাজনক। মণিপুৰত ২৬৬ জন প্ৰাৰ্থীৰ মাজত মাত্ৰ ১০ গৰাকী হোৱাৰ বিপৰীতে অসমত মুঠ ১০৬৩ জনৰ ভিতৰত ৯১গৰাকী মহিলা আছিল। অসমৰ এই ৯১ গৰাকীৰ ভিতৰত মাত্ৰ ৮ গৰাকীহে বিধানসভালৈ নিৰ্বাচিত হয়।

১৯৫২ ৰ পৰা ২০১১ চনলৈ অসমৰ বিধানসভা নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ ছবি।

তথ্যৰ পৰা জানিব পৰামতে ৰাষ্ট্ৰীয় দলবোৰৰ ভিতৰত কংগ্ৰেছে মহিলাক টিকট দিয়াৰ ক্ষেত্ৰত আন বিলাক দলতকৈ সামান্য আগ বাঢ়ি আছে। তৎসত্ত্বেও কংগ্ৰেছে যোৱা অসম বিধানসভা নিৰ্বাচনত পূৰ্বৰ ১৯ গৰাকীৰ পৰিৱৰ্তে ১৬ গৰাকীকহে টিকট দিছিল।

মন কৰিব লগীয়া যে উত্তৰ-পূবৰ দুখনকৈ ৰাজ্য ত্ৰিপুৰা আৰু মিজোৰামে শিক্ষাৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষৰ ফালে স্থান লাভ কৰি আছে। মহিলাৰ শিক্ষাৰ ক্ষেত্ৰতো এই হাৰ প্ৰায় একে। সমাজত লিংগ অসমতাও লক্ষণীয়ভাৱে কম। আনহাতে মেঘালয়ক প্ৰমীলাৰ ৰাজ্য, অৰ্থাৎ নাৰীপ্ৰধান সমাজ ব্যৱস্থাৰ ৰাজ্য বুলি কোৱা হয়।

তাৰ পিছতো এই ছবিয়ে প্ৰকৃততে কি সূচায়? এয়া মহিলাসকলৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহহীনতা নে ৰাজনৈতিক দলবোৰৰ মহিলাক সমান গুৰুত্ব নিদিয়াৰ অগণতান্ত্ৰিক নীতিৰ প্ৰতিফলন?

অৱশ্যে সামগ্ৰিকভাৱে গোটেই দেশতে এই হাৰ তেনেই পুতৌজনক। ২০১২ চনৰ তথ্যমতে ভাৰতৰ সংসদত জনপ্ৰতিনিধিৰ ১০ শতাংশ মহিলা। এই হাৰ ব্ৰাজিল, মালয়েছিয়া, চীন হাংগেৰি আদিতকৈ উন্নত। আনহাতে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ ২০খন দেশৰ ভিতৰত আছে। ২০১৩ চনত এই ৰেংক সৰ্বোচ্চ নৱম আছিল।