• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কণ কণ শিশুৰ শৈক্ষিক ভৱিষ্যতকলৈ খেলা কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই

 শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পাছতো মূল্যায়ন বহী যোগান ধৰাত ব্যৰ্থ চৰকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 20, 2024 5:54 pm
347
VIEWS
Share on FacebookShare on Twitter

বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন -২০০৯ অনুসৰি অসমৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি আৰু  বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী(Evaluation and Practice Book) যোগান ধৰা হয়। কিন্তু শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী যোগান নধৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ  আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যতক লৈ খেলা কৰা এই কাৰ্য কাৰ স্বাৰ্থত হ’বলৈ পালে তাক স্পষ্ট কৰিবলৈ দাবী কৰাৰ লগতে ডি ৱাই এফ আইয়ে মূল্যায়ন বহি বিতৰণৰ কাম শীঘ্ৰে কৰিবলৈ দাবী জনাইছে। মূল্যায়ন আৰু অভ্যাসন বহী অসমৰ চৰকাৰী বিদ্যালয়সমূহত চেপ্টেম্বৰ মাহ পৰ্যন্ত যোগান ধৰা হোৱা নাই। উল্লেখ্য যে সম্প্ৰতি এপ্ৰিল মাহত নতুন শিক্ষাবৰ্ষ আৰম্ভ হয়। চলিত শিক্ষাবৰ্ষত এপ্ৰিল মাহৰ আগত পাঠ্যপুথি সময়মতে যোগান ধৰিব নোৱৰা এই চৰকাৰৰ দিনত মূল্যায়ন আৰু অভ্যাসন বহীও সময়মতে যোগান ধৰিব নোৱাৰাটো স্বাভাৱিক ঘটনা যেনেই লগা হৈছে। কিন্তু যি মূল্যায়নৰ উদ্দেশ্যে এই বহীসমূহ যোগান ধৰা হয় তেনেকুৱা দুটা মূল্যায়ন চেপ্টেম্বৰ মাহৰ  ভিতৰত শেষ হ’ব লাগিছিল।

অসম চৰকাৰৰ শিক্ষা বিভাগে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে প্ৰকাশ কৰা শৈক্ষিক দিনপঞ্জী অনুযায়ী জুন, চেপ্টেম্বৰ, নৱেম্বৰ, মাৰ্চ এই চাৰিটা মাহত মুঠ চাৰিটা মূল্যায়ন পাতিব লাগে। গতিকে ৫০% মূল্যায়ন প্ৰক্ৰিয়া শেষ হোৱালৈকে চৰকাৰে মূল্যায়ন আৰু অভ্যাসন বহী যোগান নধৰাটোৱে শিক্ষক, ছাত্ৰ, অভিভাৱক সকলোৰে চকু কঁপালত তুলিছে।

ডি ৱাই এফ আই য়ে দাবী কৰে যে অনতিপলমে এই মূল্যায়ন আৰু অভ্যাসন বহী সমূহ যোগান ধৰাৰ ব্যৱস্থা কৰক। কাৰ স্বাৰ্থত ছয় মাহ দেৰিলৈকে মূল্যায়ন বহী যোগান ধৰা হোৱা নাই, অসম চৰকাৰে সেয়া  সেয়া স্পষ্ট কৰক।

Recent News

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd