• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতৰ মাধ্যমিকত দুটা স্থানেৰে উজলি উঠিল ওদালগুৰিৰ নেশ্যনেল পায়’নিয়াৰ জুনিয়ৰ কলেজ

চাজিদ খান by চাজিদ খান
May 31, 2018 5:06 pm
DSC_1281
106
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাত মুঠ দুটাকৈ স্থান দখল কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে ওদালগুৰি জিলাত অৱস্থিত নেশ্যনেল পায়’নিয়াৰ জুনিয়ৰ কলেজে।

শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাণিজ্য শাখাত মোহন প্ৰধানে ৯২.২ শতাংশৰে পঞ্চম স্থান আৰু ৯২ শতাংশৰে বিধি বেৰিয়াই ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে মোহন প্ৰধানে ইংৰাজীত ৮৬, অল্টাৰনেটিভ ইংৰাজীত ৯১, একাউণ্টেন্সিত ৯০, বিজনেছ ষ্টাডিজ ৯৮ আৰু ইকনমিক্সত ৯৬ নম্বৰেৰে ৫০০ৰ ভিতৰত মুঠ ৪৬১ নম্বৰ লাভ কৰে।

প্ৰয়াত পিতৃ তেজ বাহাদুৰ প্ৰধান আৰু মাতৃ ৰেনুকা প্ৰধানৰ পুত্ৰ মোহন প্ৰধান ওদালগুৰি জিলাৰ অন্তৰ্গত ঘগ্ৰাৰ অমলগুৰি গাঁৱৰ নিবাসী। সংবাদ মাধ্যমৰ আগত তেওঁ কয়- ‘পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মোক অধ্যয়ণত সহায় কৰাৰ লগতে অনুপ্ৰেৰণা যোগাইছিল। মই দৈনিক ছয়ৰ পৰা সাত ঘণ্টা পঢ়িছিলো’। স্মৰ্তব্য যে ২০১৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো মোহন প্ৰধানে ২০ নম্বৰ স্থান পাবলৈ সক্ষম হৈছিল।

আনহাতে একেখন শিক্ষা প্ৰতিষ্ঠানৰে পৰা ষষ্ঠ স্থান দখল কৰা বিধি বেৰিয়াই ইংৰাজীত ৯০, অল্টাৰনেটিভ ইংৰাজীত ৯৩, একাউণ্টেন্সিত ৯৫, বিজনেছ ষ্টাডিজত ৯১ আৰু অৰ্থনীতিত ৯১ নম্বৰৰেৰে ৫০০ৰ ভিতৰত ৪৬০ নম্বৰ লাভ কৰে।

টংলাৰ ৩ নম্বৰ ৱাৰ্ডৰ নিবাসী দিলীপ কুমাৰ বেৰিয়া আৰু শিল্পা বেৰিয়াৰ কন্যা বিধি বেৰিয়াই সংবাদ মাধ্যমত আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয়, ‘পঢ়াত মনোনিৱেশ কৰাৰ সমান্তৰালকৈ অন্যান্য কিছু দিশতো গুৰুত্ব প্ৰদান কৰিব লাগে’। তেওঁ লগতে কয় যে সাফল্যৰ বাবে আত্মবিশ্বাস, চেষ্টা আৰু মনোনিৱেশ অতিকৈ গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে ভৱিষ্যতে দুয়োগৰাকী স্থান প্ৰাপ্তই মনত চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন পুহি ৰখা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

শিক্ষা প্ৰতিষ্ঠানখনৰ সাফল্যত উৎফুল্লিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ পাৰভেজুল ইছলামে কয় যে শিক্ষাৰ্থীৰ একাগ্ৰতা, চেষ্টাৰ লগতে শিক্ষকসকলৰ একান্ত চেষ্টাৰ ফলতেই এনেধৰণৰ সাফল্য আহৰণ কৰিবলৈ সক্ষম হৈছো।

ইফালে দুয়োগৰাকী কৃতী শিক্ষাৰ্থীৰ সাফল্যৰ বাবে ওদালগুৰি জিলা আছু, আগছু, আক্ৰাছুৰ লগতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd