Breaking News: উজনি অসমত দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী নিহত

Representational photo

প্ৰতিনিধিত্বমূলক ছবি

আজি পুৱা খাৰচাংস্থিত ১২ নং অসম ৰাইফলছে নিষিদ্ধঘোষিত আলফা (স্বাঃ) আৰু মণিপুৰৰ পিএলএ ৰ দুজন সন্দেহযুক্ত উগ্ৰপন্থীক গুলীয়াই নিহত কৰে।

প্ৰাপ্ত খবৰ মতে আজি পুৱাৰ ভাগত তিনিচুকিয়া জিলাৰ লেখাপানীৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কানুবাৰি গাঁৱত সন্দেহযুক্ত আলফা (স্বাঃ)ৰ বিদ্ৰোহীয়ে গুলীচালনা কৰে।

উক্ত গুলীচালনাৰ পিছতে অসম ৰাইফলছে অৰুণাচলৰ মিয়াও উপ সংমন্দলৰ চিংছা গাঁৱত অভিযান চলাই উগ্ৰপন্থী দুজনক নিহত কৰিবলৈ সক্ষম হয়।

নিহত উগ্ৰপন্থী দুজনৰ এজনক আলফা (স্বা)ৰ মণিৰাম দেওৰি ওৰফে মণিৰাম অসম আৰু আনজনক মণিপুৰৰ পিএলএ উগ্ৰপন্থী গোটৰ কেদাৰ কামবা সিং বুলি চিনাক্ত কৰা হৈছে।

উগ্ৰপন্থী দুজনৰ পৰা দুটা পিষ্টল আৰু এটা চীনত নিৰ্মিত হেণ্ডগ্ৰেণেড উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে।