• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তেজিত জনতাই মৰিয়াই মাৰিলে নাহৰফুটুকী : বন বিভাগৰ দুৰ্বল ভূমিকাক গৰিহণা

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
March 17, 2018 6:20 pm
leopard-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বেতনি নামৰ গাওঁখনত আজি এটা নাহৰফুটুকী বাঘে প্ৰাণ হেৰুৱালে উত্তেজিত জনতাৰ মাৰত। জানিব পৰামতে ভালেমান দিনৰ পৰা গাওঁবাসীৰ জীৱ-জন্তু মাৰি খাই থকা বাঘটোৱে আজি পুৱাই গাওঁখনৰ এগৰাকী মহিলাক আক্ৰমণ কৰিছিল। গুণদা দিহিঙীয়া (৪৩) নামৰ এই মহিলাগৰাকীৰ লগতে সমীৰণ বৰগোহাঁই নামৰ এজন ১৪ বছৰীয়া কিশোৰকো আক্ৰমণ কৰে বাঘটোৱে। এই কথা গাওঁবাসীৰ মাজত ৰাষ্ট্ৰ হৈ পৰাত গাৱঁৰ মানুহ দা-লাঠী, ধনু কাঁড় লৈ ওলাই আহে।

ভালেমান সময় বাঘটোৰ সন্ধান কৰি অৱশেষত এটা জোপোহাৰ মাজত গাওঁবাসীয়ে তাক বিচাৰি উলিয়ায়। লগে লগে বহু সংখ্যক লোকে বাঘটোক আক্ৰমণ কৰিবলৈ আগ বঢ়াত বাঘটোৱেও প্ৰত্যাক্ৰমণ কৰে। ফলত আৰু পাঁচজন লোক বাঘটোৰ আক্ৰমণত আহত হয়। তেওঁলোককেইজন হ’ল ৰমেশ গোহাঁই, গিৰিন দাস, প্ৰমোদ চেতিয়া, শিশুৰাম দিহিঙীয়া আৰু অকণ বৰগোহাঁই। ইয়াৰ পিছতে সকলোৱে ঘেৰি ধৰি বাঘটোক নিৰ্মমভাৱে মৰিয়াই হত্যা কৰে।

আনহাতে উত্তেজিত জনতাই বাঘটো মৰাৰ পিছতহে বন বিভাগৰ লোক আহি উপস্থিত হয়হি। ফলত বাঘটোৰ মৃতদেহটোহে চমজি ল’বলৈ সুবিধা পায় বন বিভাগে। সচেতন নাগৰিকসকলে অভিযোগ কৰিছে যে বন বিভাগৰ লোক সময়ত অহা হ’লে বাঘটোক বচাব পৰা গ’ল হেঁতেন।

‘আমি বন বিভাগৰ লোকক বাঘটোৱে চলাই অহা সন্ত্ৰাসৰ বিষয়ে অৱগত কৰিছিলো। কিন্তু তেওঁলোকে বাঘটোক ধৰি নিয়াৰ ব্যৱস্থা নকৰিলে।’ এইদৰে কয় এগৰাকী গঞাই।

সূত্ৰটোৱে জনাইছে যে আহতকেইজনক খোৱাং প্ৰাথমিক চিকিৎসাকেন্দ্ৰত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। গুৰুতৰভাৱে আহত চাৰিজনক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে বন বিভাগৰ নিয়মমতে বাঘটোৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত তাৰ সৎকাৰৰ ব্যৱস্থা কৰে বন বিভাগে।

উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰিৰ ১৯ তাৰিখে যোৰহাটতো এটা নাহৰফুটুকীক উত্তেজিত জনতাই নিৰ্মমভাৱে কোবাই কোবাই হত্যা কৰিছিল, যাৰ ভিডিঅ’ ফুটেজ দেশৰ সৰ্বত্ৰতে ভাইৰেল হৈ পৰিছিল। উক্ত ভিডিঅ’ ফুটেজত আনকি বন বিভাগৰ লোককো বাঘটো মৰাত আগ ভাগ লোৱা দেখা গৈছিল। যোৱা বছৰৰ ১ ডিচেম্বৰতো নাহৰকটীয়াৰ এখন গাৱঁত এটা নাহৰফুটুকী বাঘ মৰিয়াই মাৰি তাৰ মাংস ভক্ষণৰ ঘটনা ঘটিছিল। খাদ্যৰ সংকটত পৰা বাঘবোৰে খাদ্যৰ সন্ধানত আহি এইদৰে মানুহৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হোৱাটোক দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰকৃতিপ্ৰেমীসকলে। এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকা অধিক ইতিবাচক হোৱা দৰকাৰ বুলি মত প্ৰকাশ কৰিছে।

মন কৰিব লগীয়া যে নাহৰফুটুকী বাঘক ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ প্ৰথম সূচীৰ অধীনত সংৰক্ষিত প্ৰাণী হিচাপে ৰখা হৈছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd