• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 8:20 am
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৫০ শতাংশ শুল্কৰ আৰোপৰ বাবে অন্ধ্ৰ প্ৰদেশৰ অৰ্থনীতি কাৰ্যতঃ ভাঙি পৰাৰ পথত। মিছামাছৰ (shrimp) ৰপ্তানি ৰাজ্যৰ অৰ্থনীতিৰ অন্যতম মূল উৎস। শুল্কৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মিছামাছৰ ৰপ্তানি প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। যাৰ বাবে আনুমানিক ২৫ হাজাৰ কোটি টকা লোকচান হৈছে।

ৰাজ্যখনৰ মিছামাছ পালক আৰু মাছমৰীয়াসকল বিপদত পৰিছে। ৫০ শতাংশ অৰ্ডাৰ বাতিল কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই কঠিন পৰিস্থিতিৰ পৰা সকাহ পাবলৈ কেন্দ্ৰৰ কাষ চাপিছে।

Apply Now

আমেৰিকাই আৰোপ কৰা ৫০ শতাংশ শুল্কৰ উপৰিও মিছামাছ ৰপ্তানিৰ ওপৰত ৫.৭৬ শতাংশ প্ৰতিশোধমূলক শুল্ক আৰু ৩.৯৬ শতাংশ এণ্টি ডাম্পিং শুল্ক আৰোপ কৰা হৈছে। যাৰ বাবে চিংৰা ৰপ্তানিৰ ওপৰত প্ৰতিটো কন্টেইনাৰত ৫৯.৭২ শতাংশ শুল্ক আৰোপ কৰা হৈছে। অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছৰে পৰা ২০০০ কণ্টেইনাৰত ৬০০ কোটি টকাৰ কৰৰ বোজা আৰোপ কৰা হৈছে। লোকচান হৈছে ২৫ হাজাৰ কোটি টকা। প্ৰায় ৫০ শতাংশ চিংৰা ৰপ্তানিৰ অৰ্ডাৰ বাতিল কৰা হৈছে।

এনে পৰিস্থিতিত নাইডুৱে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাজীৱ ৰঞ্জন সিঙলৈ পত্ৰ লিখি সহায় বিচাৰিছে। পত্ৰখনত কেন্দ্ৰক জি এছ টি ৰেহাই দিয়াৰ লগতে মীনপালকৰ বাবে আৰ্থিক পেকেজ প্ৰদান কৰিবলৈ দাবী জনাইছে। তেওঁ বাণিজ্য মন্ত্ৰীক উদ্যোগ ল’বলৈ অনুৰোধ জনাইছে যাতে জলজ সামগ্ৰী ঘৰুৱা বজাৰত বিক্ৰী কৰিব পৰা যায়। মিছামাছ আৰু মীনপালকৰ সমস্যা সমাধানৰ বাবে আন দেশৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈও অনুৰোধ জনাইছে।

উল্লেখ্য যে দেশৰ মুঠ মিছামাছ ৰপ্তানিৰ ৮০ শতাংশ আৰু সামুদ্ৰিক সামগ্ৰীৰ ৩৪ শতাংশ অন্ধ্ৰ প্ৰদেশে ৰপ্তানি কৰে। ইয়াৰ বাবেই অন্ধ্ৰপ্ৰদেশৰ বাৰ্ষিক ৰপ্তানি প্ৰায় ২১,২৪৬ কোটি টকা। যিটো বৰ্তমান নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত তেওঁ কেন্দ্ৰলৈ লিখা পত্ৰত কয় যে ৰাজ্যৰ ২.৫ লাখ মাছমৰীয়া আৰু কৃষক চৰম সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও এই উদ্যোগৰ ওপৰত নিৰ্ভৰশীল প্ৰায় ৩০ লাখ লোক বিপদত পৰিছে।

নাইডুৱে কয় যে মিছামাছ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকাৰ শুল্কৰ সৰ্বাধিক প্ৰভাৱ পৰিছে। ইয়াৰ উপৰিও তেওঁ কেন্দ্ৰক ইউৰোপীয় সংঘ, দক্ষিণ কোৰিয়া, চৌদি আৰব আৰু ৰাছিয়াৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফটিএ) স্বাক্ষৰ কৰিবলৈ আহ্বান জনায় যাতে ৰপ্তানি প্ৰক্ৰিয়াত কোনো ধৰণৰ ব্যাঘাত নজন্মে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd