উত্তৰ-পূবৰ অনুসন্ধানেৰে আহি আছে “দা ফল বেক”

Upcoming short film ' The Fall Back'

'দা ফল বেক' এটি দৃশ্য

কেইজনমান যুৱক। আগুৱাইছে এখনি অজান ঠাইলৈ। যাত্ৰাপথত বহু বাধা অতিক্ৰম কৰিছে তেওঁলোকে। তথাপি থমকি ৰোৱা নাই। আগুৱাইছে… মাথো আগুৱাইছে…

কেতিয়াবা বৰফত বাগৰি পৰিছে, আকৌ উঠিছে। তেওঁলোকৰ লক্ষ্য এটাই, যিয়েই নহওঁক, যাবই লাগিব লক্ষ্যস্থানলৈ। গুৱাহাটীৰপৰা এই যাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে…

কিন্তু তেওঁলোক আচলতে যাব ক’ত? তেওঁলোকে কিহৰ সন্ধানত নামি পৰিছে? তেওঁলোকৰ আচল লক্ষ্য কি ?

দৰাচলতে এইবোৰ এখন নতুন উত্তৰ-পূব ভিত্তিক হিন্দী চুটি ছবিৰ দৃশাংশ লোৱাৰ কিছু বিৱৰণহে।

এই ৰোমাঞ্চকৰ অনুসন্ধানমূলক ছবিখনৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব।

কিয়নো, অতি শীঘ্ৰে আহি আছে উদীয়মান পৰিচালক সুদীপ্ত শৰ্মাৰ পৰিচালনাৰে চিনে আৰ্ট মোচন পিকচাৰ্ছৰ শেহতীয়া চৰিত্ৰবিহীন চুটি ছবি ‘দা ফল বেক’।

ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে গুৱাহাটীৰপৰা আৰম্ভ হৈ অৰুণাচলৰ এক বিশেষ ঠাইত সমাপ্ত হৈছে।

হিন্দী ভাষাৰ এই ছবিখন এজন ল’ৰাৰ জীৱন যাত্ৰাক লৈ নিৰ্মাণ কৰা হৈছে য’ত দৰ্শকে দেখিবলৈ পাব ল’ৰাজনৰ জীৱন যাত্ৰাত ঘটা বিভিন্ন সংঘৰ্ষৰ কাহিনী।

যেন এক জীৱন যাত্ৰাৰ জীৱন্ত দলিল।

উদীয়মান কণ্ঠশিল্পী অনুপম চৌধুৰীয়ে সংগীত দিয়া চলচ্চিত্ৰখনত সহকাৰী পৰিচালক হিচাপে আছে জ্যোতি প্ৰকাশ ৰাভা আৰু চক্ৰধৰ বৰকাকতি। ছবিখনৰ ব্যৱস্থাপনা প্ৰৱন্ধক ক্ষিৰোদ দাস তথা কাহিনী মানস নেওগৰ।

আন আন দায়িত্বৰ ভিতৰত, চাউণ্ডত গৌতম বৰুৱা, দৃশ্যগ্ৰহণত হীৰু বৰগোহাঁই। আনহাতে ডায়লগ কুকীল প্ৰতীম শইকীয়া, সুদীপ্ত শৰ্মা আৰু মানস নেওগৰ।

উল্লেখযোগ্য যে আহিবলগীয়া এইখন চুটি ছবি হ’ব উত্তৰ-পূবৰ প্ৰথমখন চৰিত্ৰবিহীন অনুসন্ধানমূলক চুটি ছবি।