উত্তৰ-পূবৰ আকাশ মাৰ্গ সংযোগৰ অভিলাষী আঁচনি

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহত আকাশ মাৰ্গ সংযোগী অভিলাষী আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত ২২ টাকৈ বিমান বন্দৰ আৰু হেলিপেড চিনাক্ত কৰি উলিওৱা হৈছে। তাৰ ভিতৰত অৰুণাচল প্ৰদেশত ৯ টা, অসম আৰু মণিপুৰ প্ৰত্যেকতে ৫ টাকৈ আৰু বাকী ৩টা মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।

উত্তৰ-পূবত অসামৰিক পৰিবহণ খণ্ডৰ বিকাশৰ বিশাল সুযোগ আছে আৰু শেহতীয়াকৈ দেশৰ বাকী অংশৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যকেইখনক সংযোগ কৰাৰ ক্ষেত্ৰত প্ৰভূত অগ্ৰগতি হৈছে।

বিগত মাৰ্চ মাহত ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ আঁচনিৰ তালিকাত উত্তৰ পূবৰ ছিলং, ডিমাপুৰ, ইম্ফল, শিলচৰ, আইজল আৰু আগৰতলাকে ধৰি ছটা বিমানবন্দৰক সাঙুৰি লোৱা হৈছে।

আঞ্চলিক সংযোগকৰণ আঁচনিৰ অধীনৰ কেইবাটাও বিমানবন্দৰ বৰ্তমান ভাৰতীয় বায়ুসেনা বাহিনীয়ে ব্যৱহাৰ কৰি আছে। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ডাপোৰিজো, য়িংহঙ, জিৰ’, পাচিঘাট, আলং, টুটিং আৰু ওৱালঙো আছে। অসমৰ তেজপুৰ, যোৰহাট আৰু লীলাবাৰী বিমানঘাটিকেইটাও বায়ুসেনা বাহিনীয়ে ব্যৱহাৰ কৰি আছে। কিন্তু ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধীনত সুকীয়া অসামৰিক পৰিবহণত অন্তৰ্ভুক্ত কৰা হ’ব।

অৰুণাচল প্ৰদেশৰ বিমানবন্দৰ আৰু হেলিপেডসমূহ ‘’আনছাৰ্ভড্’’ বিমানবন্দৰ শাখাত অন্তৰ্ভুক্ত হ’ব অৰ্থাৎ ইয়াত কোনো অসামৰিক বিমান অৱতৰণ কৰিব নোৱাৰিব।

ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধ্যক্ষ গুৰুপ্ৰসাদ মহাপাত্ৰই ‘’প্ৰতিৰক্ষা’’ বিষয়টো স্পষ্ট কৰি দি কয় যে বিমান পৰিবহণ সংযোগকৰণৰ ক্ষেত্ৰত যুদ্ধৰ সময়ত দেশৰ সকলো বিমান পথ আৰু বিমানবন্দৰ প্ৰতিৰক্ষা বাহিনীৰ নিয়ন্ত্ৰণত থাকিব। তেওঁ কয়, ‘এই স্থানসমূহত বিমান সংযোগকৰণৰ ক্ষেত্ৰত ব্যাপক সমস্যা আছে। জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিমানবন্দৰৰ আন্তঃগাঁথনি নোহোৱাৰ বাবে ইয়াত সাহায্য আগবঢ়োৱাত সমস্যা আছে। সেইটোৱে আমি সমাধান কৰিব চেষ্টা কৰি আছো।’