উত্তৰ-পূবৰ খিলঞ্জীয়া আৰু অধিক শক্তি দেখুৱাবলৈ সাজু আছে : নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

NESO_Oppose

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নেছ'ৰ প্ৰতিবাদ। ফাইল ফটো।

“আমি যুক্তি দিলো, সংখ্যাও দিলো, অসমীয়া মানুহে আৰু অধিক শক্তি দেখুৱাবলৈ প্ৰস্তুত। উত্তৰ-পূবৰ ৮খন ৰাজ্যতে আমাৰ শক্তি আছে।” নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঐক্যবদ্ধ বিৰোধিতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ আঠটা প্ৰধান ছাত্ৰ সংগঠনৰ প্ৰতিনিধিত্বমূলক সংগঠন নেছ’ৰ দ্বাৰা দীঘলীপুখুৰীৰ পাৰত ১২ মে’ত আয়োজিত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বাতিলৰ দাবীৰে উত্তৰ পূবৰ আটাইকেইটা প্ৰধান ছাত্ৰ সংগঠনে তেওঁলোকৰ বেনাৰ সংগঠন নেছ’ৰ মঞ্চৰ পৰা ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্য্যসূচী চলাই নিয়াৰ সংকল্প লৈছে। সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, খাচি ছাত্ৰ সন্থা, নাগা ছাত্ৰ ফেডাৰেইশ্যন, সদৌ মণিপুৰ ছাত্ৰ সন্থা, তিপৰা ষ্টুডেণ্টছ ফেডাৰেইশ্যন আৰু মিজো জিৰলাই প’লে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় চৰকাৰে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তোলে।

১২ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীত নেছ’ৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ তিপৰা ষ্টুডেণ্টছ ফেডাৰেইশ্যন। ফটো : য়ু বি।

তেওঁ কয়, “স্বাধীনতাৰ পিছৰ পৰা কেন্দ্ৰই অসমক কেৱল ৰাজনৈতিক অবিচাৰ আৰু শোষণৰ সোৱাদহে দিছে। দেশ বিভাজনৰ সময়ত আমাক পাকিস্তানক গতাই দিব বিচাৰিছিল, চীনা আগ্ৰাসনৰ সময়ত আমাক বাই বাই দিছিল।”

আনহাতে, ১৯৪৯  চনত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে অসমত শৰণাৰ্থী ৰাখিবৰ বাবে মাটি বিচৰাত গোপীনাথ বৰদলৈ অমান্তি হৈছিল বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰি কয় যে এতিয়াও নৰেন্দ্ৰ মোদীয়ে হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিদিওঁ বুলি কোৱাৰ সাহসকণ দেখুৱাব লাগে। যেনেদৰে মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে পোনচাতেই সংস্থাপন নিদিওঁ বুলি ঘোষণা কৰিলে।

আছুৰ নেতাজনে উত্তৰ-পূবৰ সকলো মুখ্য মন্ত্ৰীকে মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ পদাংক অনুসৰণ কৰি এক সিদ্ধান্তত উপনীত হ’বৰ বাবে আহ্বান জনায়।

আনহাতে, প্ৰতিবাদত অংশগ্ৰহণ কৰা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক জাতিবিৰোধী আখ্যা দি সংবাদ মাধ্যমত কয়, “আমি পূৰ্বৰে পৰা কৈ আহিছো, ১৯৭১ চনলৈকে বিদেশীৰ বোজা ল’লো যদিও এতিয়া আৰু বোজা ল’ব নোৱাৰো। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অংশ বুলি নাভাবে নেকি? খিলঞ্জীয়াৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যোৱাৰ উদাহৰণ ওলাইছে।  উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ অস্তিত্ব নাশ হ’ব বুলি জানিও কেন্দ্ৰই লোৱা এনেবোৰ সিদ্ধান্তই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰ কিমান দায়বদ্ধ তাকে পুনৰ প্ৰতীয়মান কৰিলে। সেয়েহে আজি আমি উত্তৰ-পূবৰ ছাত্ৰ সংগঠনে ঐক্যবদ্ধভাবে সকীয়াই দিব খুজিছো কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক ইয়াত জাপি দিব নোৱাৰিব।”

১২ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীত নেছ’ই লোৱা বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত অখিল গগৈ। ফটো : য়ু বি।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণক লৈ লুৰিণজ্যোতি জানিবলৈ দিয়ে যে তেওঁলোকে দাবী কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও সমগ্ৰ উত্তৰ-পূবত সুকীয়া সুকীয়া প্ৰণালীৰ আধাৰত নাগৰিকপঞ্জীৰ কাম আৰম্ভ হ’ব লাগে। লগতে নেতাজনে প্ৰতিবাদস্থলীৰ পৰাই পুনৰবাৰ উত্তৰ-পূৰ্বাঞ্চলত এক সুকীয়া সাংবিধানিক সুৰক্ষা কৱচৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী তোলে।

আনহাতে প্ৰতিবাদী সভাখনৰ উদ্যোক্তা হিচাপে উপস্থিত থকা নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰুৱাই তেওঁৰ ভাষণ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চুবুৰীয়া দেশৰ পৰা হিন্দু শৰণাৰ্থী আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এই কাৰ্য্য কেতিয়াও মানি নলয় বুলি কয়। চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নাগৰিক আহিলে সেয়া কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতিৰ লগতে অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলিও চেমুৱেলে ভাষণত উল্লেখ কৰে।

মন কৰিব লগীয়া কথা যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ কাৰ্য্যসূচীটোত উপস্থিত হৈ আছুৰ নেতৃবৰ্গৰ সৈতে কিছুসময় মত-বিনিময় কৰাৰ লগতে নেছ’ই গ্ৰহণ কৰা পদক্ষেপক শুভেচ্ছা জনায়।

উক্ত প্ৰতিবাদত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈ, নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰুৱা, সাধাৰণ সম্পাদক চিমানৰ লগতে আঠোটা সংগঠনৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে।