উত্তৰ-পূবৰ লগত ব্যৱসায় কৰিবৰ বাবে আগ্ৰহী বাংলাদেশৰ ব্যৱসায়ী

On going Trade fair picture

অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা এডভাণ্টেজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত অংশ লোৱা বাংলাদেশ চৰকাৰৰ উদ্যোগ মন্ত্ৰী আমিৰ হুছেইন আমুৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ লগত ব্যৱসায় কৰাৰ বাবে আগ্ৰহী বুলি কয়। লগতে অসম-বাংলাদেশৰ বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী তথা ত্বৰাণ্বিত কৰাৰো পোষকতা কৰিছে।

গুৱাহাটীত অনুষ্ঠিত হৈ থকা বাণিজ্য মেলাত বাংলাদেশৰ পৰা অহা ব্যৱসায়ী সকলে তেওঁলোকৰ উদ্যোগ মন্ত্ৰীয়ে কৰা ঘোষণাক স্বাগতম জনায় কয় যে উত্তৰ-পূবৰ লগত ব্যৱসায় কৰিবৰ বাবে নতুন বাণিজ্যিক পথ শীঘ্ৰে মুকলি হ’ব বুলি আমি আশাবাদী।

বাণিজ্য মেলাত অংশ লোৱা এগৰাকী বাংলাদেশৰ ব্যৱসায়ী তাছমিন জবাইৰে কয়, ‘আমি ব্যৱসায়ী হিচাপে সুখী যে আমাৰ উদ্যোগ মন্ত্ৰীয়ে অসমৰ লগত বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ কথা কৈছে। উত্তৰ-পূব ব্যৱসায়ৰ বাবে যথেষ্ট ডাঙৰ বজাৰ। আমি উত্তৰ-পূবলৈ আহিলে সামগ্ৰী সমূহ পশ্চিম বংগৰে আনিবলগীয়া হয়, ইয়াৰ বাবে আমাৰ যথেষ্ট খৰছ হয়। যদি মেঘালয়ৰ ডাউকী পথটো ব্যৱসায়ৰ বাবে মুকলি কৰি দিয়ে তেন্তে দুয়োখন দেশে ব্যৱসায়ৰ ক্ষেত্ৰত অধিক লাভাণ্বিত হ’ব’।

ইয়াৰ উপৰি তেওঁ কয় যে বাংলাদেশত শ্ৰমিক সহজলভ্য বাবে উৎপাদন ব্যয় যথেষ্ট কম। জবাইৰে প্ৰধানত: শীতৰ কাপোৰৰে ব্যৱসায় কৰে যদিও তেওঁৰ এটা নিজা ‘TZ’ নামৰ কাপোৰৰ ব্ৰেণ্ডো আছে। আৰু তেওঁৰ এই ব্ৰেণ্ডটো  সমগ্ৰ দক্ষিণ পূব এছিয়াতে ব্যাপক চাহিদা থকা বুলি জানিবলৈ দিয়ে।

অন্য এজন ব্যৱসায়ী মহম্মদ ইবনে আমাৰ আগত কয় যে উত্তৰ-পূবৰ লগত বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰাৰ বাবে যি চিন্তা-চৰ্চা কৰিছ সেয়া অতিকৈ আদৰণীয়। লগতে তেওঁ কয়, ‘নতুন বাণিজ্যিক পথ মুকলিৰ পিছতে আমাৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব আৰু আমাৰ উৎপাদন ব্যয়ো হ্ৰাস পাব’।

মনকৰিবলগীয়া কথা যে গুৱাহাটী বাণিজ্য মেলাত সামগ্ৰীৰ বিক্ৰীত মুঠেই সন্তোষজনক নহয় আৰু এই লৈ বাংলাদেশৰ পৰা অহা ব্যৱসায়ী সকলে যথেষ্ট উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে।

স্মৰ্তব্য যে বাংলাদেশৰ ব্ৰাহ্মনবাৰীয়া জিলাৰ পৰা অহা মণিৰুল ইছলাম নামৰ ব্যৱসায়ীজনে কয়, ‘যোৱা তিনিদিনত মই মাত্ৰ দুখন লুঙ্গী বিক্ৰী কৰিছো। মোৰ ব্যৱসায় স্তলত বহু উন্নতমানৰ কাপোৰ আছে, কিন্তু এই কাপোৰৰ ইয়াত চাহিদা নাই। সেয়েহে মই পুনৰ ব্যৱসায়ৰ বাবে গুৱাহাটীলৈ আহিম নে নাহিম সেয়া ভাবি আছো’।