‘উন্নত ৰাষ্ট্ৰৰূপে বাংলাদেশক স্বীকৃতি’ৰ বাবে আগৰতলাত সাংস্কৃতিক শোভাযাত্ৰা

bangladesh

‘উন্নত ৰাষ্ট্ৰ ৰূপে বাংলাদেশক স্বীকৃতি’ দিয়াৰ বাবে আগৰতলাস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ উদ্যোগত বুধবাৰে এটি বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় চহৰখনত।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত ভাষণ আগবঢ়াই বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত এছ হোছেইনে বুধবাৰে কয়— ‘বাংলাদেশে এখন উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা নিজকে উন্নত ৰাষ্ট্ৰ ৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছে।আমি ইয়াকে লৈ গৌৰৱবোধ কৰো’।

তেওঁ লগতে কয় যে সমগ্ৰ বাংলাদেশে ৰাষ্ট্ৰখনৰ এই বৃহৎ উপলব্ধিক উদযাপন কৰিছে। আমাৰ চুবুৰীয়া দেশ ভাৰতৰ উত্তৰ- পূব কোণত অৱস্থিত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাতো সেয়েহে এই বিশেষ উপলব্ধিক পালন কৰা হৈছে।

উল্লেখযোগ্য যে বাংলাদেশৰ উপ উচ্চায়ুক্ত গৰাকীৰ উদ্যোগতে বুধবাৰে আগৰতলাত এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। য’ত বিভিন্ন অংশগ্ৰহণকাৰীসকলে হাতে হাতে বাংলাদেশৰ পতাকা লৈ শোভাযাত্ৰাটোত উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

অনুষ্ঠানটোৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ জাতিৰ পিতা আখ্যায়িত তথা বংগবন্ধু হিচাপে পৰিচিত শ্বেখ মুজিবুৰ ৰহমানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

পাছত ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱন প্ৰেক্ষাগৃহত এই উপলক্ষে এটা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে ভাৰতৰ এক সু-সম্পৰ্ক গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে ভিন্ন মহলে।