উন্নয়নৰ বাবে নহয়,কেৱল ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত গঠন হৈছে নেডা : ৰিপুন বৰা

12-07-18 Guwahati- APCC president Ripun Bora press meet (1)

‘উত্তৰ-পূৱৰ স্বাৰ্থৰ প্ৰতি যদি লক্ষ্য নকৰে তেওঁলোক কিহৰ নেডা? উত্তৰ-পূৱক বঞ্চনা কৰিলে, সাংবিধানিক ক্ষমতা কাঢ়ি লৈ গ’লে নেডাই মাত মাতিব নালাগে নেকি?’ এইদৰে বিজেপিৰ নেতৃত্বত উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ অনা কংগ্ৰেছী ৰাজনৈতিক দলসমুহকলৈ গঠিত নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰিপুন বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে উত্তৰ-পূবৰ উন্নয়নৰ বিপৰীতে গ্ৰহণ কৰা কিছুমান হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা নকৰাৰ প্ৰসংগ উত্থাপন কৰি নেডাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

তেওঁ কয়, ‘কেৱল ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত, ক্ষমতা দখলৰ স্বাৰ্থত নেডাৰ গঠন হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে, ইয়াৰ ৰাইজৰ অভাৱ-অভিযোগ প্ৰতিফলিত কৰিবলৈ আৰু ৰাইজক সুৰক্ষা দিবলৈ নেডা গঠন হোৱা নাই। নেডা সুবিধাবাদী।‘

সংবাদমেলত বৰাই কয় যে উত্তৰ-পূৱৰ বাবে ভাৰতৰ সংসদে এক আইনৰ যোগেদি ‘উত্তৰ-পূৱ পৰিষদ’ গঠন কৰিছিল আৰু এক ‘প্লেনেৰি কমিটি’ গঠন কৰি পৰিষদৰ সকলো সিদ্ধান্ত গ্ৰহণৰ সাংবিধানিক কৰ্তৃত্ব প্ৰদান কৰিছিল। কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে এই ‘প্লেনেৰি কমিটি’ৰ হাতত থকা সাংবিধানিক ক্ষমতা উলংঘা কৰি যোৱা ২৮ মাৰ্চত উত্তৰ-পূবৰ কোনো এখন ৰাজ্যৰে চৰকাৰৰ লগত আলোচনা নকৰাকৈ উত্তৰ-পূবৰ ওপৰত কিছুমান আঁচনি জাপি দিছে।

ৰিপুন বৰাই কয়, ‘নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সাংবিধানিক অনুষ্ঠানসমুহৰ ক্ষমতাত হস্তক্ষেপ কৰি একনায়কত্ববাদ চলাবলৈ যি প্ৰচেষ্টা চলাই আছে তাৰ এক উদাহৰণ এইটো।‘

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে যোৱা তিনিটা বছৰত উত্তৰ-পূব পৰিষদক মাত্ৰ ৫০৩ কোটি টকাহে অনুমোদন দিছে আৰু সেয়া উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে তেনেই নগন্য বুলি ৰিপুন বৰাই প্ৰকাশ কৰে। তেওঁ কয় যে পুঁজি ধাৰ্যৰ পৰিমান সদায় বাঢ়ি যায়, কিন্তু উত্তৰ-পূবৰ ক্ষেত্ৰত এই পৰিমান কমিহে গৈছে।

তেওঁ কয়, ‘নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় নেতা-মন্ত্ৰীসকল যেতিয়া উত্তৰ-পূবলৈ আহে তেতিয়া উত্তৰ-পূবকলৈ খুউৱ গৌৰৱ কৰে। মোদী ডাঙৰীয়াই উত্তৰ-পূবক ‘অষ্টলক্ষ্মী’ বুলি কয়। অসমক দেশৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কথা কয়, কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াৰ ওলোটাতোহে কৰে।‘

ৰিপুন বৰাই ড০ হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষ হিচাপে থকা নেডাৰ লগতে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলে ইয়াৰ বিৰুদ্ধে এষাৰো মাত নমতা বিষয়ক দূৰ্ভাগ্যজনক আখ্যা দিয়ে। তেওঁ কয় যে কেৱল কংগ্ৰেছ নেতৃত্বাধীন মিজোৰাম চৰকাৰৰ মুখ্যমন্ত্ৰী লালথানহাৱালাইহে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰিছে।