• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নয়নৰ বাবে নহয়,কেৱল ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত গঠন হৈছে নেডা : ৰিপুন বৰা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 13, 2018 7:35 am
12-07-18 Guwahati- APCC president Ripun Bora press meet (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘উত্তৰ-পূৱৰ স্বাৰ্থৰ প্ৰতি যদি লক্ষ্য নকৰে তেওঁলোক কিহৰ নেডা? উত্তৰ-পূৱক বঞ্চনা কৰিলে, সাংবিধানিক ক্ষমতা কাঢ়ি লৈ গ’লে নেডাই মাত মাতিব নালাগে নেকি?’ এইদৰে বিজেপিৰ নেতৃত্বত উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ অনা কংগ্ৰেছী ৰাজনৈতিক দলসমুহকলৈ গঠিত নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰিপুন বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে উত্তৰ-পূবৰ উন্নয়নৰ বিপৰীতে গ্ৰহণ কৰা কিছুমান হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা নকৰাৰ প্ৰসংগ উত্থাপন কৰি নেডাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

Apply Now

তেওঁ কয়, ‘কেৱল ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত, ক্ষমতা দখলৰ স্বাৰ্থত নেডাৰ গঠন হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে, ইয়াৰ ৰাইজৰ অভাৱ-অভিযোগ প্ৰতিফলিত কৰিবলৈ আৰু ৰাইজক সুৰক্ষা দিবলৈ নেডা গঠন হোৱা নাই। নেডা সুবিধাবাদী।‘

সংবাদমেলত বৰাই কয় যে উত্তৰ-পূৱৰ বাবে ভাৰতৰ সংসদে এক আইনৰ যোগেদি ‘উত্তৰ-পূৱ পৰিষদ’ গঠন কৰিছিল আৰু এক ‘প্লেনেৰি কমিটি’ গঠন কৰি পৰিষদৰ সকলো সিদ্ধান্ত গ্ৰহণৰ সাংবিধানিক কৰ্তৃত্ব প্ৰদান কৰিছিল। কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে এই ‘প্লেনেৰি কমিটি’ৰ হাতত থকা সাংবিধানিক ক্ষমতা উলংঘা কৰি যোৱা ২৮ মাৰ্চত উত্তৰ-পূবৰ কোনো এখন ৰাজ্যৰে চৰকাৰৰ লগত আলোচনা নকৰাকৈ উত্তৰ-পূবৰ ওপৰত কিছুমান আঁচনি জাপি দিছে।

ৰিপুন বৰাই কয়, ‘নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সাংবিধানিক অনুষ্ঠানসমুহৰ ক্ষমতাত হস্তক্ষেপ কৰি একনায়কত্ববাদ চলাবলৈ যি প্ৰচেষ্টা চলাই আছে তাৰ এক উদাহৰণ এইটো।‘

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে যোৱা তিনিটা বছৰত উত্তৰ-পূব পৰিষদক মাত্ৰ ৫০৩ কোটি টকাহে অনুমোদন দিছে আৰু সেয়া উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে তেনেই নগন্য বুলি ৰিপুন বৰাই প্ৰকাশ কৰে। তেওঁ কয় যে পুঁজি ধাৰ্যৰ পৰিমান সদায় বাঢ়ি যায়, কিন্তু উত্তৰ-পূবৰ ক্ষেত্ৰত এই পৰিমান কমিহে গৈছে।

তেওঁ কয়, ‘নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় নেতা-মন্ত্ৰীসকল যেতিয়া উত্তৰ-পূবলৈ আহে তেতিয়া উত্তৰ-পূবকলৈ খুউৱ গৌৰৱ কৰে। মোদী ডাঙৰীয়াই উত্তৰ-পূবক ‘অষ্টলক্ষ্মী’ বুলি কয়। অসমক দেশৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কথা কয়, কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াৰ ওলোটাতোহে কৰে।‘

ৰিপুন বৰাই ড০ হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষ হিচাপে থকা নেডাৰ লগতে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলে ইয়াৰ বিৰুদ্ধে এষাৰো মাত নমতা বিষয়ক দূৰ্ভাগ্যজনক আখ্যা দিয়ে। তেওঁ কয় যে কেৱল কংগ্ৰেছ নেতৃত্বাধীন মিজোৰাম চৰকাৰৰ মুখ্যমন্ত্ৰী লালথানহাৱালাইহে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd