উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে দীনদয়াল দিব্যাংগ সাহায্য আঁচনি

আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আন্তৰ্জাতিক দিব্যাংগ দিবস উপলক্ষে ৰাজ্যিক সমাজ কল্যান বিভাগৰ দ্বাৰা গ্ৰহণ কৰা দীনদয়াল দিব্যাংগ সাহায্য আঁচনিখন মুকলি কৰি  কয় যে দিব্যাংগসকলৰো এটা সুখী জীৱন যাপন কৰাৰ সমান অধিকাৰ আৰু সুযোগ আছে।

অসমত মুঠতে ৪ লাখ ৮০ হেজাৰ দিব্যাংগ আছে আৰু এই আঁচনিৰ অধীনত প্ৰত্যেকলৈ বেংকৰ জৰিয়তে ৫ হেজাৰ টকাকৈ এককালীন সাহায্যৰ ধন জমা দিয়া হ’ব। এই অৰ্থ সাহায্য দিব্যাংগসকলৰ স্বাস্থ্যৰ যত্ন ল’বৰ বাবে আগবঢ়োৱা হৈছে।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দিব্যাংগসকলক শক্তিশালী কৰা আৰু ন্যায় দিয়াই আমাৰ লক্ষ্য। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে দিব্যাংগসকলৰ বাবে ডিব্ৰুগড়ত এখন আই টি আই স্থাপন কৰাৰ কথাও ঘোষণা কৰে। দেশৰ ভিতৰতে এইখন হ’ব এনেধৰণৰ প্ৰথম আই টি আই।

এই আঁচিনৰ বাবে ধাৰ্য কৰা মুঠ ২৫০ কোটি টকা প্ৰথম পৰ্যায়ত ১ লাখ দিব্যাংগক সাহায্য হিচাপে দিয়া হ’ব।

আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰিলে আৰু অসমবাসীক আগন্তুক বিহুৰ শুভেচ্ছাও দিলে। উপ ৰাষ্ট্ৰপতি নাইডুৱে দিব্যাংগসকলৰ প্ৰতি ভাল ভাৱ সৃষ্টি কৰিব লাগিব আৰু তেওঁলোকক ন্যায়ৰ প্ৰয়োজন বুলি কৈ তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব বুলি কয়।দিব্যাংগসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশৰ পৰা ৪শতাংশলৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলিও নাইড়ুৱে দোহাৰে।

আজি এক গুৰুত্বপূৰ্ণ মন্তৱ্য কৰি উপৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে অসমৰ সকলোৱে অসমীয়া ভাষা ক’ব লাগে। তেওঁ সকলোকে মাতৃভাষাক প্ৰদান্য দিবলৈ আহ্বান জনায়।

বিশ্ব মিহলা বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন কৰা অংকুশিতা বড়োক শুভেচ্ছা জনাই অংকুশিতাক দেশৰ দ্বিতীয় মেৰীকম বুলি অভিহিত কৰে।

আজি উপৰাষ্ট্ৰপতি গৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিছে যদিও তেওঁৰ সামাজিক জীৱন অব্যাহত থাকিব। অসমলৈ আহি তেওঁ অতি আনন্দিত বুলিও প্ৰকাশ কৰে।