এইবাৰ ম’হ পুহিব জুবিনে, নতুন চিনেমা ‘জুলু’ৰ হিৰ’ হ’ব ম’হটো

zubeen garg julu baffalo

সদায় ব্যতিক্ৰমী ৰূপত জীৱন নিৰ্বাহ কৰিব বিচৰা জুবিন গাৰ্গে ( Zubeen ) এইবাৰ এটা ম’হক হিৰ’ হিচাপে লৈ চিনেমা নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে।

গুৱাহাটীৰ লালমাটি বিহু কমিটিয়ে আয়োজন কৰা জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে কালি ৩ মে’ত জুবিনে উপস্থিত ৰাইজক উদ্দেশ্যি কয় ‘মই কালি এটা ম’হ কিনিছো। তাৰ নামটো হৈছে জুলু।’

ম’হটো কিনাৰ কাৰণটো বাখ্যা কৰি জুবিনে কয় যে ৰঞ্জু হাজৰিকাৰ বিখ্যাত উপন্যাস ‘জুলু’ক লৈ তেওঁ অহাবছৰ এখন চিনেমা নিৰ্মাণ কৰিব। এই চিনেমাখনতে জুলু নামধাৰী ম’হটোৱে মুখ্য চৰিত্ৰত অভিনয় কৰিব।

ম’হটোক এবছৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জুবিনে উক্ত সংগীতানুষ্ঠানৰ মাজতে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে জীৱ-জন্তুৰ প্ৰতি অগাধ মৰম থকা জুবিন গাৰ্গে পূৰ্বেও বানপানীত উটি অহা গঁড়ৰ পোৱালিক ৰক্ষণাবেক্ষণ দিছিল। তাৰ নামটো ৰং ৰাখিছিল জুবিনে। অহাবছৰ এই গঁড়ৰ পোৱালিটোক কাজিৰঙাত এৰি দিয়া হ’ব বুলি জুবিনে বৃহস্পতিবাৰৰ সংগীতানুষ্ঠানত উল্লেখ কৰে।

আনহাতে জুবিনে কালিৰ অনুষ্ঠানতে নিজকে নিমখৰ সৈতে তুলনা কৰি কয় ‘নিমখ দাইলতো লাগে, মাংস-মাছতো লাগে, আলু পিটিকাতো লাগে। গতিকে মই নিজকে নিমখ বুলি কৈ ভাল পাওঁ।’

আনহাতে মাজুলীৰ জনসাধাৰণ ছমাহ নাঁৱত থাকে আৰু ৬ মাহ গাড়ীৰে অহা-যোৱা কৰে বুলি মন্তব্য কৰি জুবিনে এবাৰ হ’লেও মাজুলীত গৈ মাজুলীবাসীৰ জীৱন-যাপন প্ৰণালীটো চাই আহিবৰ বাবে শ্ৰোতাসকলক উক্ত সংগীতানুষ্ঠানতে আহ্বান জনায়।