এনআৰচিৰ দ্বিতীয়খন খচৰাত অনাথ শিশুৰ নাম অন্তৰ্ভুক্তিৰ বাবে তৎপৰ ডিফুৰ এগৰাকী মহিলা

এন আৰ চি

ডিফুত এটা শিশু গৃহ চলাই অহা এগৰাকী মহিলা অম্বিকা প্ৰধানে তেওঁৰ তত্ত্বাৱধানত থকা শিশুসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰাত অন্তৰ্ভুক্ত কৰাবলৈ তৎপৰ হৈ পৰিছে।

প্ৰধানৰ তত্ত্বাৱধানত থকা ২১ টা শিশুৰ বাবে তেওঁ চিন্তিত। এই শিশুসকল অনাথ বা পৰিত্যক্ত। অম্বিকা প্ৰধানে কয় যে তেওঁ এনআৰচিৰ প্ৰথমখন খচৰাত অনাথসকলৰ নাম কেনেদৰে সন্নিৱিষ্ট হ’ব সেই কাৰিকৰী দিশটো ধৰিব পৰা নাছিল।

কিন্তু এতিয়া তেওঁ নিজৰ আশ্ৰয়ত থকা ৬ টি শিশুক তেওঁৰ উত্তৰাধিকাৰ প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে যিকেইজনৰ কোনো পিতৃ-মাতৃ নাই।

ডিফুৰ এগৰাকী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়াই কয় যে উন্নীতকৰণ প্ৰক্ৰিয়াটোত এটা প্ৰতিষ্ঠানৰ শাখা আছে য’ত অনাথ শিশুসকলক বাস কৰা প্ৰতিষ্ঠানটোৰ মুৰব্বীৰ লিগেচী প্ৰদান কৰা হ’ব যদিহে প্ৰতিষ্ঠানটে স্বীকৃতিপ্ৰাপ্ত হয়। যোৱা বছৰ নৱেম্বৰত প্ৰধানৰ মিছনৰ উদ্দেশ্য আছিল এটি শিশুসেৱা প্ৰতিষ্ঠান হিচাপে জুভেনাইল জাষ্টিছ এক্টৰ অধীনত পঞ্জীয়ন কৰা।

এনআৰচিৰ  বিষয়াই কয়, ‘’ প্ৰথমখন আনআৰচিত তেওঁ তেওঁৰ তুলি লোৱা শিশুসকলৰ নাম পঞ্জীয়ন কৰা নাছিল। আমি তেওঁৰ সৈতে কথা পাতিছো আৰু তেওঁ কৈছে যে দ্বিতীয়খন এনআৰচিৰ খচৰাত তেওঁৰ তুলি লোৱা শিশুসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব। শিশুসকলে প্ৰধানৰ লিগেচী লাভ কৰিব কিয়নো তেওঁৱেই হৈছে অনাথ গৃহটোৰ মুৰব্বী,’’-টাইমছ অফ ইণ্ডয়াৰ এক প্ৰতিবেদনত কোৱা হৈছে।

স্থানীয় লোকে জনোৱা অনুসৰি প্ৰধানৰ মিছন কনচাৰ্ণ হৈছে কাৰ্বি আংলঙৰ একমাত্ৰ শিশুসেৱা প্ৰতিষ্ঠান।