এনআৰচি সেৱা কেন্দ্ৰত উৎসুক জনতা , নাম নথকাত হতাশ , নাম -গাওঁৰ নামক লৈ বিভ্ৰান্তি

৩১ ডিচেম্বৰৰ মাজনিশা এনআৰচিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত কালি ৰাতিপুৱাৰে পৰা একাংশ জনতাই নিজৰ আৰু পৰিয়াল- আত্মীয় কুটুম্বৰ নাম বিচাৰি এনআৰচি সেৱা কেন্দ্ৰত উপস্থিত হয় যদিও বহুতে নিজৰ নাম খচৰা তালিকাত নেদেখি হতাশ হয় ।

কোকৰাঝাৰত প্ৰকাশিত হোৱা এনআৰচিৰ খচৰা তালিকাত বহু সংখ্যক লোকৰ ঠিকনা সলনি হোৱাৰ উপৰিও বহু সংখ্যকৰ নাম ভুলভাৱে প্ৰকাশিত হয় । নিজ গাঁওৰ পৰিবৰ্তে আন গাঁওৰ বাসিন্দা বুলি ভুলভাৱে প্ৰকাশিত হোৱাত জনসাধাৰণ সামাান্য শংকিত হৈছে ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ৯৭ টা এনআৰচিৰ সেৱা কেন্দ্ৰৰ যোগেদি সৰ্বমুঠ ২০৩৯০৬ খন প্ৰ-পত্ৰ পুৰণৰ যোগেদি  ৯২০০০০ জন ব্যাক্তিয়ে আৱেদন কৰিছিল যদিও প্ৰথম খচৰা তালিকাত ইয়াৰে  ৫৮৮১০৬ জনৰ নামহে প্ৰকাশিত হৈছে ।

তথ্য অনুসৰি কোকৰাঝাৰ ৰাজহ চক্ৰৰ পৰা ১৮০৭৩০জন , দোতমাৰ পৰা ৯৭৪৪২জন , গোসাঁইগাঁওৰ পৰা ১৬৫৮৫০ জন , বগৰীবাৰীৰ ৭৩৫৭৭জন আৰু ভাওৰাগুৰীৰ পৰা ৭০৫০৭ গৰাকীৰ নাম প্ৰথম খচৰা তালিকাত সনিবিষ্ট হৈছে ।