• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ আপত্তিকৰ মন্তব্য : মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 5:53 pm
Trinamul Congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত তৃণমূল কংগ্ৰেছে লোকসভাত আজি ইয়াক অসমৰ পৰা বাঙালীসকলক খেদি পঠোৱাৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰে। অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে লগে লগে এই অভিযোগ খণ্ডন কৰে। শূন্যকালৰ প্ৰাৰম্ভতেই তৃণমূল কংগ্ৰেছৰ সৌগত ৰয়ে বিষয়টো উত্থাপন কৰি কয় যে অসমৰ ৩.২৯ কোটি মুঠ জনসংখ্যাৰ ১.৩ কোটি লোকৰ নাম প্ৰথমখন খচৰাত প্ৰকাশ হোৱা নাই, যিসকলক অবৈধ অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰাৰ লক্ষ্য আছে।

‘আমি এই শংকা কৰিছো যে এইটো অসমৰ পৰা বাংলাভাষীসকলক বাহিৰ কৰি দিয়াৰ এক ষড়যন্ত্ৰ হৈছে।’ ৰয়ে কয়। ৰয়ক তেওঁৰ দলৰ সাংসদসকল আৰু কংগ্ৰেছ তথা বাওঁ দলবোৰৰ কিছু সংখ্যক সাংসদে সমৰ্থন দিয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযোগৰ প্ৰত্যুত্তৰত কয় যে অসমত এন আৰ চিৰ কাম উচ্চতম ন্যায়ালয়ৰ পৰ্য্যৱেক্ষণত হৈ আছে। গতিকে এইটোক লৈ কোনো পক্ষ উদ্বিগ্ন হোৱাৰ দৰকাৰ নাই।

‘যিসকলৰ নাম বাদ পৰে তেওঁলোকে এখন ন্যায়াধিকৰণৰ জৰিয়তে সেইটো মীমাংসা কৰিব পাৰিব। কোনো লোককে বাহিৰ কৰি দিয়াৰ অভিযোগটো ভিত্তিহীন।’ ৰাজনাথ সিঙে কয়।

আনহাতে তিনিচুকীয়া আছুৱে কালি পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত এখন সভাত আপত্তিকৰ মন্তব্য কৰাৰ প্ৰতিবাদত নেত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে।

অসমৰ শিক্ষা, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদ মাধ্যমৰ আগত কয় যে মমতা বেনাৰ্জীৰ মন্তব্য ভিত্তিহীন আৰু এন আৰ চিৰ উন্নীতকৰণ উচ্চতম ন্যায়ালয়ৰ পৰ্য্যৱেক্ষণত হৈছে। এই কথাটো তেওঁ ভালদৰে অৱগত নহয় বাবে এনে মন্তব্য কৰিছে বুলি কয়।

উল্লেখযোগ্য যে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কালি বীৰভূম জিলাৰ এখন জনসভাত কৈছিল যে কেন্দ্ৰৰ দ্বাৰা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া হ’ল অসমৰ পৰা বাঙালীসকলক খেদি পঠোৱাৰ এক ষড়যন্ত্ৰ। তেওঁ ইয়াৰ বাবে বিজেপিক দোষাৰোপ কৰে।

আনহাতে গুৱাহাটীত কৃষক শ্ৰমিক কল্যাণ পৰিষদে এই ধৰণৰ উচটনিমূলক মন্তব্য কৰা বাবে মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত আজি এটা গোচৰ ৰুজু কৰিছে। লগতে বিজেপিৰ বিজন মহাজনেও লতাশিল থানাত নেত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ দিয়াৰ কথা জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd