এন এফ ৰেইলৱে পেঞ্চনাৰ সংস্থাৰ দ্বাৰা ৩৫ সংখ্যক পেঞ্চনাৰ দিৱস উদযাপন

এন এফ ৰেইলৱে পেঞ্চনাৰ সংস্থাই অলপতে ৩৫ সংখ্যক পেঞ্চনাৰ দিৱস উদযাপন কৰে। এই উপলক্ষে মালিগাওঁ স্থিত এন এফ ৰেইলৱেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত উক্ত সভাখনত সভাপতিত্ব কৰে পেঞ্চনাৰ সংস্থাৰ উপ সভাপতি এম পাংগিঙে। অনুষ্ঠানটোত উপস্থিত থাকি সংস্থাৰ পাণ্ডু শাখাৰ সম্পাদক শন্তোছ ভট্টাচাৰ্য্যই তেওঁৰ ভাষণত যোৱা ২৯ অক্টোবৰত মৰিয়নিত অনুষ্ঠিত হোৱা চি ই চি সভাত লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে মন্তব্য কৰে। আলোচনাটোক আৰম্ভ কৰি এন এফ ৰেইলৱেৰ মুখ্য উপদেষ্টা এ এম ৰয়ে পেঞ্চনাৰ দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে পেঞ্চনাৰ সকলৰ একতাৰ ওপৰত গুৰুত্ব আৰূপ কৰে। সপ্তম চি পি চিৰ পৰিষোদিত পি পি অ’ প্ৰকাশত অস্বাভাবিকভাৱে বিলম্ব হোৱাৰ বাবে তেওঁ যথেষ্ট ক্ষোভ প্ৰকাশ কৰে। আনহাতে তেওঁ ধৰ্ম তথা জাত-পাত আদিৰ নামত সাধাৰণ লোকৰ ওপৰত চলি থকা আক্ৰমণক সমালোচনা কৰাৰ লগতে  দুৰ্বৃত্তৰ দ্বাৰা জনসাধাৰণৰ মৌলিক অধিকাৰ সমূহৰ ওপৰত চলি অহা আক্ৰমণকো গৰিহণা দিয়ে। ইয়াৰ উপৰি অনুষ্ঠানটোত ভাগ লৈ উক্ত সংস্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ চক্ৰৱৰ্তীয়ে ভাৰতত পেঞ্চন ব্যৱস্থাৰ ইতিহাসৰ ওপৰত আলোচনা কৰাৰ লগতে ১৯৮২ চনত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায়দানৰ ওপৰত আলোকপাত কৰে। তেওঁৰ উপৰি এছ এম কঞ্জিলালে নিজৰ ভাষণত পেঞ্চনাৰ সকলৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে সংগঠনটোৱে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ কথাও ব্যক্ত কৰে।