এন ডি এফ বি (সং) গোটৰ দুই লিংকমেনক আটক

NDFB-S

বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে দুজন এন ডি এফ বি (সং) গোটৰ লিংকমেনক চিৰাঙৰ পৰা আটক কৰে।

নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্যকেইজনক আমগুৰিৰ এজন ব্যৱসায়ীক ধন দাবী কৰিবলৈ অহা অৱস্থাত আটক কৰা হয়। আৰক্ষীয়ে অঞ্চলটোত এক নিৰ্দ্দিষ্ট সূত্ৰৰ পৰা এই নিষিদ্ধ ঘোষিত সংগঠনটোৰ কেইজনমান সদস্য থকা বুলি জানিব পাৰি অভিযান চলাই উক্ত লিংকমেন কেইজনক আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে আভিযানকালত উক্ত লিংকমেনকেইজনৰ বাহিৰে সংগঠনটোৰ আন কোনো সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

ধৃত লিংকমেন কেইজনক সঞ্জয় নাৰ্জাৰী আৰু সবিত নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লিংকমেন দুজনৰ পৰা নগদ ধন, দুটা ম’বাইল উদ্ধাৰ কৰে যদিও তেওঁলোকৰ পৰা কোনো ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।