• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

এন ডি পি পিৰ বিধায়ক ঝালেও ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 26, 2018 7:09 pm

2 min read

z-1-570x320
66
VIEWS
Share on FacebookShare on Twitter

এন ডি পি পিৰ বিধায়ক ঝালেও ৰিঅ’ আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত হয়। বিধানসভাৰ উপাধ্যক্ষৰ বাবে তেওঁৰ নামটো প্ৰস্তাৱ কৰিছিল বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চি এম চাঙে আৰু সমৰ্থন কৰিছিল বিদ্যালয়ী শিক্ষা উপদেষ্টা কে ছুখালুৱে।

মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ক ঝালেও ৰিঅ’ক উপাধ্যক্ষ নিৰ্বাচিত হোৱা বাবে অভিনন্দন জনাই কয় যে বিধানসভা সুকলমে চলাত এই পদবীটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেওঁ কয় যে ঝালেওৰ অভিজ্ঞতাৰ ক্ষেত্ৰখন বহল আৰু তেওঁ নাগালেণ্ড চিভিল ছাৰ্ভিছ বিষয়া হিচাপে বিভিন্ন ক্ষেত্ৰত কাম কৰিছে।

উল্লেখযোগ্য যে ঝালেওৱে ১৯৯৭ চনত আই এ এছ বিষয়া হিচাপে যোগদান কৰিছিল আৰু নাগালেণ্ডৰ বহুতো পিছপৰা ঠাইত সেৱা আগ বঢ়াই ২০১৩ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ ভায়েক।

আনহাতে বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কয় যে বিৰোধী দলে পদটোৰ বাবে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছিল আৰু ঝালেও উপাধ্যক্ষ নিৰ্বাচিত হোৱাত তেওঁ আনন্দিত।

বিৰোধী পক্ষই কয় যে তেওঁলোকে বিশেষকৈ বিৰোধী দলৰ সদস্যসকলৰ প্ৰতি নিৰপেক্ষ মনোভাৱ দেখা পোৱা যাব বুলি আশা প্ৰকাশ কৰে।

মন কৰিব লগীয়া যে উপাধ্যক্ষ হিচাপে নিজৰ ভাষণত ঝালেওৱে কয় যে তেওঁৰ ওপৰত দিয়া দায়িত্ব অতি গধুৰ আৰু বিধানসভাৰ সদস্যসকলৰ প্ৰকৃত সহযোগিতা অবিহনে ইয়াক বহন কৰা সম্ভৱ নহয়। গতিকে তেওঁ প্ৰতিজন সদস্যকে সহযোগিতাৰ হাত আগ বঢ়াবলৈ অনুৰোধ কৰে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd