এন পি পিৰ মৰ্চা চৰকাৰখন টিকি নাথাকে বুলি কৰা দাবীৰ ভিত্তি কি মুকুল চাংমাই জনাওক : কনৰাড চাংমা

Conrad-K-Sangma-570x320

অহা ২৮ মে’ত অনুষ্ঠিত হ’ব লগীয়া মেঘালয়ৰ বিধানসভাৰ আমপাতি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। এটা সমষ্টিৰ নিৰ্বাচন যদিও মেঘালয়ত বিগত নিৰ্বাচনে দিয়া ৰাজনৈতিক সমীকৰণে এই আসনখনৰ গুৰুত্ব অপৰিসীমভাৱে বৃদ্ধি কৰিছে। গতিকে শাসক-বিৰোধী কোনো পিছপৰি ৰোৱা নাই নিৰ্বাচনী প্ৰচাৰত।

উল্লেখযোগ্য যে আমপাতি সমষ্টিটো খালী হৈছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই এইটো এৰি দিয়া বাবে। কংগ্ৰেছী নেতাজনে বিগত বিধানসভা নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। আমপাতি সমষ্টিৰ লগতে তেওঁ ছংছাক সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল। পিছত আমপাতি সমষ্টি এৰি দিয়ে।

সম্প্ৰতি খালী থকা এই সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা মুকুল চাংমাৰ জীয়েক মিয়ামি ডি শ্বিৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে শাসনত থকা এন পি পিৰ পৰা উঠিছে ক্লেমেণ্ট জি মোমিন (Clement G. Momin) আৰু তেওঁক এম ডি এ (মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স)ৰ মৰ্চাৰ সৰ্বসন্মত প্ৰাৰ্থী বুলি দাবী কৰিছে কনৰাড চাংমাই।

আজি সমষ্টিটোত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্য মন্ত্ৰী প্ৰেছটন টিনছঙে প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু কংগ্ৰেছী নেতা মুকুল চাংমাক তীব্ৰ সমালোচনা কৰে।

কনৰাড চাংমাই কয় যে মুকুল চাংমাক সমষ্টিটোৰ ৰাইজে জনাদেশ দিছিল, কিন্তু চাংমাই সেয়া অসন্মান কৰিলে। কাৰণ তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে সমষ্টিটোৰ প্ৰতিনিধিত্ব এৰি দিলে।

আনহাতে প্ৰেষ্টন টিনচঙে কয় যে কংগ্ৰেছক এতিয়া ভোট দিয়াৰ কোনো মানে নাই। কংগ্ৰেছ এতিয়া গৃহ কন্দলত বিধ্বস্ত। “মই আৰু স্নিৱাভালাং ধৰে এই গৃহ কন্দলৰ বাবেই কংগ্ৰেছ এৰি আহিলো।” তেওঁ কয়। কনৰাড চাংমাৰ দৰে তেৱোঁ কয় যে মুকুল চাংমাই আমপাতি সমষ্টিবাসীৰ প্ৰতি অকৃতজ্ঞতাৰ দৃষ্টান্ত দাঙি ধৰিলে।

ইফালে, এটা সূত্ৰই জনোৱা মতে সমষ্টিটোত এম ডি এৰ আন আন সহযোগী দলবোৰেও সোনকালেই জোৰদাৰ প্ৰচাৰ চলাব।

মন কৰিব লগীয়া যে কনৰাড চাংমাই আজিৰ সভাখনত কংগ্ৰেছ দলৰ নেতা মুকুল চাংমাই এম ডি এৰ মৰ্চা চৰকাৰখন বেছিদিন টিকি নাথাকে বুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগো আনে। তেওঁ কয় যে মুকুল চাংমাই মৰ্চা চৰকাৰখনক ৬মাহহে আয়ুস দিয়া বুলি কৈ ফুৰাৰ অন্তৰালত কি ভিত্তি আছে জনাব লাগে।

“উপ-নিৰ্বাচনৰ পিছতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি কংগ্ৰেছ দলটোৱে অপপ্ৰচাৰ চলাই আছে। এই দাবীৰ ভিত্তি কি মুকুল চাংমাই জনাওক। এই নিৰ্বাচন জিককেই বা হাৰকেই ইয়াৰ পৰা কংগ্ৰেছে পাব লগীয়া একো নাই। তেওঁলোকৰ আন একো ক’ব লগীয়া নাই বাবেই এই অপপ্ৰচাৰ চলাই আছে।” কনৰাড চাংমাই কয়।

“আমি সকলো একতাৰে আছো, আৰু পৰৱৰ্তী ২৫ বছৰ আমি মেঘালয়ৰ মানুহৰ বাবে কাম কৰি যাম।” লগতে তেওঁ এইদৰে কয়।

উল্লেখযোগ্য যে অলপতে হৈ যোৱা ৱিলিয়ামনগৰ উপ নিৰ্বাচনতো এন পি পি দলৰ প্ৰাৰ্থী জয়ী হৈছিল। তাত কংগ্ৰেছ প্ৰাৰ্থীজন দ্বিতীয় স্থান পাবলৈও সক্ষম হোৱা নাছিল। দ্বিতীয় স্থান লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীজনে।

মন কৰিব লগীয়া যে যোৱা ৩ মাৰ্চত ঘোষিত মেঘালয় বিধানসভা সমষ্টিৰ নিৰ্বাচনত ২১খন আসনেৰে কংগ্ৰেছেই একক সংখ্যাগৰিষ্ঠ দল আছিল যদিও মাত্ৰ ২খন আসন পোৱা বিজেপিয়ে তৎকালীনভাৱে ১৯খন আসন পোৱা এন পি পিৰ সৈতে নিৰ্বাচনোত্তৰ মৰ্চা গঠন কৰি আৰু অন্যান্য দলবোৰক লগত লৈ অকংগ্ৰেছী চৰকাৰ গঠনৰ ব্যৱস্থা কৰে, য’ত এন পি পিৰ কনৰাড চাংমা মুখ্য মন্ত্ৰী হয়।

কিন্তু পৰিস্থিতিটো এতিয়া এনেকুৱা হৈ আছে যে ৬০খন আসন থকা ৰাজ্যখনত কনৰাড চাংমা মুখ্য মন্ত্ৰী হৈ থকা মৰ্চাটোত কেইবাটাও দলৰ সন্মিলনত আছে ৩৩খন আসন। চৰকাৰ গঠনৰ প্ৰয়োজনীয় সংখ্যাতকৈ মাত্ৰ দুখন আসন বেছি হৈ আছে। মৰ্চাৰ কোনো এটা বা দুটা গুৰুত্বপূৰ্ণ অংশৰ বিচ্ছেদেই কংগ্ৰেছলৈ সুযোগ আনিব পাৰে চৰকাৰ গঠনৰ দাবী তুলিবলৈ। সেয়েহে কংগ্ৰেছেও এই উপ-নিৰ্বাচন জিকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

আনহাতে অলপতে কৰ্ণাটকৰ নিৰ্বাচনৰ পিছতে তাৰ ৰাজ্যপালে নিৰ্বাচনোত্তৰ সংখ্যাগৰিষ্ঠ মৰ্চাটোক চৰকাৰ গঠন কৰিবলৈ নিদি, একক সংখ্যাগৰিষ্ঠ দলটোক আমন্ত্ৰণ জনোৱাৰ পিছতে মেঘালয়, মণিপুৰত কংগ্ৰেছে একেই যুক্তি আৰু নিয়মৰ আধাৰত কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব লাগে বুলি দাবী তুলিছিল।