‘এভৰিথিং আউটড’ৰ’ ৰ উদ্যোগত অহা ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব চাইকেল ৰেলী

চাইকেল ৰেলী

মহানগৰীখনক এখন প্ৰদুষণমুক্ত তথা পৰিষ্কাৰ-পৰিচ্ছন্ন গুৱাহাটী হিচাপে গঢ় দিবলৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এভৰিথিং আউটড’ৰৰ উদ্যোগত অহা ১৮ ফেব্ৰুৱাৰিত এটা চাইকেল ৰেলী আয়োজন কৰা হৈছে। এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এখন সংবাদমেলৰ জৰিয়তে সংস্থাৰ প্ৰতিষ্ঠাপক জুবি বৰুৱাই জানিবলৈ দিয়ে। তেওঁলোকে এই অনুষ্ঠানৰ নাম ‘গুৱাহাটী দ্বিতীয় চাইক্ল’থন’ বুলি উল্লেখ কৰে।

এই চাইকেল ৰেলীটো অহা ১৮ ফেব্ৰুৱাৰিৰ পুৱা ৬ বজাৰ পৰা গীতানগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হ’ব।

এই সজাগতামূলক চাইকেল ৰেলীখন তিনিটা শাখাত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা কমিটিয়ে জানিবলৈ দিয়ে। প্ৰথমতে বৃত্তিগত চাইকেল আৰোহীসকলে ৬০ কিল’মিটাৰ, দ্বিতীয়তে শিশু তথা যুৱকসকলে ৩০ কিল’মিটাৰ আৰু বয়োজেষ্ঠ্যসকলে ২০ কিল’মিটাৰ শাখাত যোগদান কৰিব পাৰিব বুলি জুবি বৰুৱাই সদৰী কৰে।

তদুপৰি এই ৰেলীৰ ৬০ কিল’মিটাৰ দূৰত্বৰ শাখাৰ শুভ উদ্বোধন কৰিব আৰক্ষী আয়ুক্ত হীৰেন নাথে। ৩০ আৰু ২০ কিল’মিটাৰ শাখাৰ উদ্বোধন কৰিব এ পি ডি চি এলৰ পৰিচালন সঞ্চালক পুৰু গুপ্তায়ে।

উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই এই সজাগতামূলক ৰেলীৰ বিষয়ে ফেচবুক, টুইটাৰকে ধৰি অন্যান্য সামাজিক মাধ্যম যোগে প্ৰচাৰ চলাইছে।

এই সংবাদমেলত আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকে মহানগৰীক স্মাৰ্ট চিটী হিচাপে গঢ় দিবলৈ বিদেশৰ পৰা অহা গৱেষক জেল মাৰ। তেওঁ অসমীয়া ভাষাতে কয় ‘মই ১ বছৰ ধৰি গুৱাহাটীত আছো।’ তদুপৰি তেওঁ গুৱাহাটী খনক এখন স্মাৰ্ট চিটী হিচাপে চাইকেল চলাবৰ বাবে অসমবাসীক আহ্বান জনায়।তেওঁ নিজে এই চেষ্টাত হাত উজান দিয়াৰ মানসেৰে আগুৱাই অহা বুলিও সংবাদমেলত সদৰী কৰে।

এই সংবাদমেলতে নেদাৰলেণ্ডৰ গৱেষকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেডাৰলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে একেলগে চাইকেল এখনৰ সৈতে উঠা ফটো এখন দেখুৱাই কয় যে চাইকেল চলালে শাৰিৰীকভাৱে সকলো সুস্থ থাকে। লগতে গুৱাহাটীক পৰিষ্কাৰ-পৰিচ্ছন্ন তথা প্ৰদূষণ মুক্ত কৰি ৰাখিবৰ বাবে চাইকেল চলোৱাৰ প্ৰয়োজনীয়তা আছে বুলি সদৰী কৰে। তদুপৰি তেওঁ ‘এভৰিথিং আউটড’ৰৰ এই পদক্ষেপৰ শলাগ লয়।

জুবি বৰুৱাই জানিবলৈ দিয়া অনুসৰি এই ৰেলীত অংশগ্ৰহণকাৰী সকলে ভৰ্তি মাচুল হিচাপে ছাত্ৰ-ছাত্ৰীসকলে ২৫০ টকা আৰু প্ৰপ্তবয়স্ক সকলে ৫০০ টকাকৈ দিব লাগিব। এই সন্দৰ্ভত তেওঁ কয় যে চাইকেলৰ কিবা বিজুতি ঘটিলে এইসমূহ কমিটিৰ ফালৰ পৰা ভাল কৰাৰ ব্যৱস্থা কৰা হৈছে।

লক্ষণীয় যে যোৱা বছৰ এই ৰেলীত প্ৰায় ২০০ গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰিছিল।

আজিৰ এই সংবাদমেলত জুবি বৰুৱা আৰু জেল মাৰকে প্ৰমুখ্য কৰি শ্যামকানু মহন্ত, সুপৰাজ গগৈ উপস্থিত থাকে।