‘এ পি এচ চিৰ প্ৰাক্তন সদস্যৰ জড়িয়তে ভুৱা ডিগ্ৰীৰে অধ্যক্ষ হৈছে বঙাইগাঁৱৰ মহাবিদ্যালয়ত; ৰাজ্যত আছে ৬শ ভুৱা ডক্টৰে’টধাৰী’

এ পি এচ চি (APSC)ৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত চলি থকাৰ মাজতে ‘এ পি এচ চিৰ প্ৰাক্তন সদস্য তথা বৰপেটাৰ কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ এম মুজাম্মেল হুছেইন’ৰ জৰিয়তে বঙাইগাঁৱৰ ৰাজীৱ গান্ধী সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ জহিৰুল ইছলামে ভুৱা কাগজ-পাতিৰে অধ্যক্ষৰ পদবী দখল কৰা বুলি আজি ১ এপ্ৰিলত গুৰুতৰ অভিযোগ উত্থাপন কৰি বিষয়টোৰ উচ্চস্তৰীয় তদন্ত দাবী কৰিছে নাগৰিক সুৰক্ষা মঞ্চ, অসমে।

আনহাতে ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰত ভয়ংকৰ জালিয়াতিৰ অভিযোগ তুলি ৰাজ্যত আনুমানিক ৬০০ গৰাকী ভুৱা ডক্টৰে’ট ডিগ্ৰিধাৰী থকা আৰু ইয়াৰে ৩০০ গৰাকীৰ নাম ইতিমধ্যে আৰ টি আইৰ জৰিয়তে তেওঁলোকে লাভ কৰা বুলিও দাবী কৰিছে।

‘৩১ চেপ্তেম্বৰলৈকে’ ছুটী বিচাৰি দিয়া আবেদন

‘এ পি এচ চিৰ প্ৰাক্তন সদস্য হুছেইনৰ জৰিয়তে’ ৰাজীৱ গান্ধী সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ ‘ইছলামে তেওঁৰ যোগদানৰ তাৰিখ ২৭.১২.১৯৯৮ ৰ ঠাইত এবাৰ ১৮.০৫.১৯৯৮ আকৌ এবাৰ ০৫.০৭.১৯৯৮ দেখুৱাই ১৭ গৰাকী অৰ্হতাসম্পন্ন প্ৰতিষ্ঠাপক প্ৰবক্তাক ঠগি অধ্যক্ষ পদত অধিষ্ঠিত হৈছে’ বুলি দাবী কৰে মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে।

জহিৰুলৰ পি এইছ ডি ডিগ্ৰী নথকা বাবে অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে তেওঁক অধ্যক্ষ পদৰ বাবে অৰ্হতাহীন বুলি কোৱাৰ পিছতে দুসপ্তাহৰ ভিতৰতে বিহাৰৰ মগধ  বিশ্ববিদ্যালয়ৰপৰা ধনৰ বিনিময়ত এখন পি এইচ ডি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে বুলি মঞ্চই অভিযোগ উত্থাপন কৰে।

সভাপতিগৰাকীয়ে দাবী কৰে যে ’চেপ্তেম্বৰ মাহ ৩০ দিনীয়া হোৱাৰ বিপৰীতে ৩১ চেপ্তেম্বৰত’ জহিৰুলে ‘মগধ বিশ্ববিদ্যালয়ত পি এইচ ডি ডিগ্ৰী ল’বলৈ বিহাৰৰ গয়ালৈ যোৱাৰ নামত ছুটী লোৱা দেখুৱাইছিল।’

আনহাতে মঞ্চৰ হাতত নাম থকা ৩০০ গৰাকী ভুৱা ডক্টৰে’টধাৰীৰ ১২৪ গৰাকীয়ে ৰাজস্থানৰ সিংহানিয়া নামৰ ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ পৰা ভুৱা প্ৰমাণ পত্ৰৰে এই ডিগ্ৰী লোৱা বুলি সংগঠনটোৱে দাবী কৰে।

ৰাজ্যৰ বাহিৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা এনে ভুৱা ডিগ্ৰী লৈ বঙাইগাওঁ জিলাৰ তিনিখন মহাবিদ্যালয়ত সাতজনে অধ্যাপনা কৰি থকা বুলিও মঞ্চই অভিযোগ তোলে।

দক্ষিণ অভয়াপুৰীৰ বিধায়কে তদন্ত বিচাৰি উচ্চ শিক্ষা সঞ্চালকালয়ক দিয়া পত্ৰ

মঞ্চই দাবী কৰে যে ‘বঙাইগাওঁ জিলাৰ উত্তৰ শালমৰা মহকুমাৰ অন্তৰ্গত লেংটিছিঙাৰ ৰাজীৱ গান্ধী সোঁৱৰণী মহাবিদ্যালয়ত জহিৰুল ইছলাম (শিক্ষা বিভাগ), ফজৰ আলী (অৰ্থনীতি বিভাগ), ৰোজেনা খাতুন (অৰ্থনীতি বিভাগ), আবু বক্কৰ ছিদ্দিক (ইতিহাস বিভাগ), চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ আব্দুল ৱাহাব (শিক্ষা বিভাগ), বৈতামাৰীৰ ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ আক্ৰাম আলী ভট্ট (ৰাজনীতি বিজ্ঞান) আৰু আব্দুছ চবুৰে (ৰাজনীতি বিজ্ঞান) বিহাৰৰ মগধ বিশ্ববিদ্যালয়ৰ ভুৱা পি এইচ ডি ডিগ্ৰীৰে অধ্যাপনা কৰি আছে।’

অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মাল’ৱে উচ্চ শিক্ষা সঞ্চালকালয়লৈ ১৮ মে’ ২০১৭ চনত এখন পত্ৰৰ জৰিয়তে এই অধ্যাপক কেইগৰাকীৰ ডিগ্ৰীৰ সন্দৰ্ভত তদন্তৰ দাবী কৰিছিল যদিও আজিকোপতি তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ তদন্ত কৰা নাই বুলি মঞ্চই দাবী কৰে। মঞ্চই লগতে দাবী কৰে যে তেওঁলোকৰ অভিযোগ মিছা প্ৰমাণ কৰিব পাৰিলে তেওঁলোক জে’ললৈ যাবলৈও সাজু আছে।

সংগঠনটোৱে দাবী কৰে যে ধনৰ বিনিময়ত আনকি উক্ত বিশ্ববিদ্যালয়বোৰলৈ নোযোৱাকৈও ডিগ্ৰী ল’ব পাৰি।

লক্ষণীয় যে এই কেলেংকাৰীৰ বিষয়ে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইসময়ৰ বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাসকো তেওঁলোকে অৱগত কৰিছিল যদিও বৰ্তমানলৈকে তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই বুলি মঞ্চৰ উপদেষ্টা আচিৰুদ্দিনে অভিযোগ কৰে।