কংগ্রেছ পতি-পত্নীৰ দল আৰু এন পি পি ভাই-ভনীৰ দল : ড০ নুমল জি মোমিন

NolinKohli

নিৰ্বাচন সমাগত মেঘালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক নলিন কোহলিয়ে আজি গাৰো পাহাৰত এখন নিৰ্বাচনী সমাৱেশত ভাগ লৈ শাসনাধিষ্ঠিত কংগ্ৰেছৰ মুখ্য মন্ত্ৰী মুকুল চাংমাক কঠোৰ সমালোচনা কৰে।

তেওঁ কয় যে মুকুল ৰাজ্যখনৰ অনুন্নয়নৰ বাবে মুকুল চাংমাই কৈফিয়ৎ দিব লাগিব। ‘কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়া বাট-পথ, চিকিৎসালয় আৰু চাকৰিবোৰ ক’ত?’ তেওঁ প্ৰশ্ন কৰে। মুকুল চাংমাৰ চৰকাৰে প্ৰতাৰণাৰ বাদে আন একোৱেই নিদিলে বুলি তেওঁ অভিযোগ কৰে। মানুহে অহা ২৭ ফেব্ৰুৱাৰিত পৰিৱৰ্তনৰ বাবে ভোট দিব বুলিও তেওঁ সমাৱেশত কয়।

কোহলিৰ সৈতে আজিৰ সমাৱেশত অসমৰ বিজেপি বিধায়ক ড০ নুমল জি মোমিন উপস্থিত আছিল। তেওঁ কংগ্ৰেছ আৰু এন পি পি দুয়োটা দলকে আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কটাক্ষ কৰি কয় যে কংগ্ৰেছ হ’ল পতি-পত্নীৰ দল আৰু এন পি পি হ’ল ভাই-ভনীৰ দল। তেওঁ এই কটাক্ষ কৰে কংগ্ৰেছৰ মুকুল চাংমা আৰু তেওঁৰ পত্নী ডিককানচি ডি শ্বিৰা আৰু এন পি পিৰ জেইমছ আৰু আগাথা চাংমাক লক্ষ্য কৰি।

উল্লেখযোগ্য যে দালু হ’ল বাংলাদেশৰ সীমান্তৰ অঞ্চল আৰু এই সমষ্টিটো বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো ইয়াৰ পৰাই দলে ১৯৯০ চনত গাৰো পাহাৰৰ প্ৰথমজন বিধায়ক লাভ কৰিছিল।