কমনৱেল্থ গেমছত অংশ নলয় জিমনাষ্ট দীপা কৰ্মকাৰে

Dipa Karmakar File Photo

ফাইল ফটো

খেলুৱৈ প্ৰেমীসকলৰ বাবে এক দুখবৰ। উত্তৰ-পূবৰ তাৰকা তথা দেশৰ সৰ্বশ্ৰেষ্ঠ জিমনাষ্ট দীপা কৰ্মকাৰে অষ্ট্ৰেলিয়াত হ’বলগীয়া কমনৱেল্থ গেমছ প্ৰতিযোগিতাত অংশ নলয়। এপ্ৰিলৰ ৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত আঠুৰ আঘাতৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মঙলবাৰে জানিবলৈ দিয়ে কৰ্মকাৰৰ ব্যক্তিগত প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে।

‘দীপা এতিয়াও কমনৱেল্থ গেমছৰ দৰে প্ৰতিযোগিতাত ভাগ ল’বলৈ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। আগষ্টত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ পূৰ্বে কৰ্মকাৰ সম্পূৰ্ণ সুস্থ হৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি আশা কৰিব পাৰো’ বিশ্বেশ্বৰ নন্দীয়ে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে।

দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বাচনি শিবিৰত অংশ লোৱাৰ পিছতে ত্ৰিপুৰাৰ জিমনাষ্ট গৰাকীয়ে কমনৱেল্থ গেমছত অংশ নলয় বুলি বিশ্বেশ্বৰ নন্দীয়ে জনায়।

‘দীপা সুস্থ কিন্তু প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন’ এইবুলিও কয় প্ৰশিক্ষক নন্দীয়ে।

মনকৰিবলগীয়া যে ২০১৪ চনত গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত পদক অৰ্জন কৰি জিমনাষ্ট খেলুৱৈগৰাকীয়ে ভাৰতীয় জিমনাষ্টিক ইতিহাসত এক জাগৰণ আনিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত দীপা থমকি ৰব লগীয়া হোৱা নাই। ইটোৰ পিছত সিটো চমকেৰে বিশ্ব দৰবাৰত নিজৰ জিমনাষ্টিক প্ৰতিভাৰ উমান দি গৈছে।

খেলুৱৈগৰাকীয়ে জিমনাষ্টিকৰ আটাইতকৈ কঠিন জাম্প প্ৰডুন’ভা ভল্টৰ জৰিয়তে জিমনাষ্টিকত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

খেলুৱৈগৰাকীয়ে ২০১৫ চনৰ এছিয়ান গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। উল্লেখযোগ্য যে ২০১৬ চনত ব্ৰাজিলৰ ৰিঅ’ অলিম্পিকত এইগৰাকী জিমনাষ্টে চতুৰ্থ স্থান লাভ কৰি বিশ্ববাসীৰ আগত নিজৰ প্ৰতিভাৰ উমান দিয়ে।

কমনৱেল্থ গেমছত এইগৰাকী বিশ্বমান খেলুৱৈৰ অনুপস্থিতি ভাৰতীয় শিবিৰৰ বাবে নিঃসন্দেহে নিৰাশাজনক খবৰ।