কমনৱেল্থ গেমছৰ ছেমিফাইনেলত উপনীত অসমৰ এথলীট হিমা দাস

Hima Das

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেমছত মহিলাৰ দৌৰৰ ৪০০ মিটাৰ শাখাত অসমৰ হিমা দাসে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি এই শাখাত দাসে দৌৰি ৫২.১১ ছেকেণ্ড সময় লৈ হীট পাঁচৰ তৃতীয় স্থান দখল কৰে।

নাইজেৰিয়াৰ এথলীট য়িংকা আজায়ীয়ে ৫১.৭১ ছেকেণ্ডেৰে হীট পাঁচৰ বিজয়ী হোৱাৰ লগতে খ্ৰীষ্টাইন বল্ট’গেটছৱে ৫১.৭৩ ছেকেণ্ডেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

ইফালে ৪০০ মিটাৰৰ শাখাতে অংশ লোৱা ভাৰতৰ আন এগৰাকী মহিলা এথলীট পোভাম্মা ৰাজুৱে হীট একতে ব্যৰ্থ হৈ ছেমি ফাইনেল দৌৰৰ পৰা বাহিৰ হয়।

উল্লেখ্য যে সদ্যসমাপ্ত ফেডাৰেইশ্যন কাপ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ ২০০ আৰু ৪০০ মিটাৰ শাখাত এথলীট হিমাই স্বৰ্ণ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

এই সাফল্যৰে হিমাই সমগ্ৰ দেশৰ এথলেটিকছ জগতত খলকনি তোলাৰ লগতে নিজৰ প্ৰচুৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰে।

অসমৰ এথলেটিকছৰ নতুন আশা তথা ভাৰতৰ সপোন হিমা দাস ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠাৰ পাছতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে অসম সন্তান হিমা দাসৰ ওপৰত। কমনৱেল্থ গেইমছত পদক বিজয়েৰে পুনৰ এবাৰ অসম তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি সকলোৱে আশাৰে বাট চায় আছে।