কলিয়াবৰত ভোগালী উপলক্ষে অন্তৰংগ অনুষ্ঠান

অন্তৰংগ অনুষ্ঠান

ভোগালী বিহু উপলক্ষে অাজি কলিয়াবৰ উলুৱনি গাঁৱৰ মহিলাসকলৰ উদ্যোগত অাৰু সপ্তৰ্ষি পুথিভৰাঁল আৰু সাংস্কৃতিক কেন্দ্ৰৰ বিশেষ সহযোগত স্থানীয় কস্তৰবা অাশ্ৰম চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী অন্তৰংগ অালাপ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন অাৰু বন্তি প্ৰজ্বলন কৰে মিনু দেৱী অাৰু মৃণাল বৰাই। ইয়াৰ পিছতেই গাঁৱৰ মহিলা অাৰু যুৱতীসকলৰ মাজত অনুষ্ঠিত হয় চকী খেল, মুখত চামুচৰ ওপৰত মাৰ্বল লৈ দৌৰ, ৰচী টনা, টেকেলী ভঙা অাদি প্ৰতিযোগিতা। এই অনুষ্ঠানৰ অাঁত ধৰে যুৱ – সাংস্কৃতিক কৰ্মী দেৱাশিষ গোস্বামীয়ে।

প্ৰতিযোগিতাৰ শেষত গাঁৱৰ মহিলা, বোৱাৰী অাৰু যুৱতীসকলৰ মাজত অনুষ্ঠিত হয় এক অন্তৰংগ অালাপ অনুষ্ঠান। এই অন্তৰংগ অালাপ অনুষ্ঠানটি অাঁত ধৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অতিথি প্ৰৱক্তা অলংকৃতা গোস্বামী অাৰু শিক্ষয়ত্ৰী শিখামনি শইকীয়ায়ে।

এই অনুষ্ঠানত গাঁৱৰ বয়োজ্যেষ্ঠা মহিলা ফুলমাই গোস্বামী অাৰু ভদেশ্বৰী পাঠকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়।

উক্ত অন্তৰংগ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ৰেৱ শৰ্মা, হৰেশ্বৰ শৰ্মা, সুনিল ওজা, বিশিষ্ট সমাজকৰ্মী কৃষ্ণমূৰ্তি পাঠক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।