DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কল্পনা পাটোৱাৰীৰ বিহুৰ উপহাৰ : ‘হৃদয় বীণাৰ তাঁৰ ছিঙি গ’ল বহুবাৰ’ শীৰ্ষক গীতৰ এলবাম মুকলি গুৱাহাটী প্ৰে’ছ ক্লাবত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2018 9:09 pm
Kalpana patowary bihu assamese
148
VIEWS
Share on FacebookShare on Twitter

ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যবাসীলৈ আজি ২৯ মাৰ্চত ‘হৃদয় বীণাৰ তাঁৰ ছিঙি গ’ল বহুবাৰ’ শীৰ্ষক এটা আধুনিক গীতৰ সংকলন আগবঢ়াইছে কল্পনা পাটোৱাৰীয়ে। গুৱাহাটী প্ৰে’ছ ক্লাবত আজি এই এলবামটো ৰাইজলৈ মুকলি কৰি দিয়ে।

গীতিকাৰ ড০ লক্ষ্যহীৰা দাস, ড০ নিৰ্মলপ্ৰভা বৰদলৈ, ড০ লীলা গগৈ, ড০ দীনেশ বৈশ্য, মানিক দাস আৰু অপূৰ্ব বেজবৰুৱাৰ কথাৰে দ্বীপেন ৰয়ে সুৰেৰে সজাই তুলিছে সংকলনটোৰ গীতকেইটা।

গায়িকা কল্পনা পাটোৱাৰীয়ে এলবামটোত ‘গীতিকাৰসকলৰ তত্বগধূৰ ভাষাসম্পন্ন কথাৰ গীতসমূহক ভাৰতীয় ফিউজনৰদ্বাৰা এক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছো’ বুলি জনায়।

kalpana patowary album assamese

এলবামটিৰ উন্মোচক হিচাপে উপস্থিত থকা ড০ লক্ষ্যহীৰা দাসে কয় ‘কল্পনা পাটোৱাৰীৰ অনুৰোধক্ৰমে তেওঁক আশীৰ্বাদ দিবৰ বাবে এই অনুষ্ঠানত উপস্থিত হৈছোহি। এই এলবামটোৰ যোগেদি তেওঁৰ যাত্ৰা আৰু অধিক জয়জয়-ময়ময় হোৱাৰ লগতে অসমৰ সংগীতৰ ভঁড়ালটো অধিক চহকী হ’ব বুলি আশা কৰিছো।‘

পাটোৱাৰীৰ গীতৰ নিৰ্বাচন সঠিক বুলি উল্লেখ কৰি তেওঁ কয় ‘কথা আৰু সুৰকাৰৰ সৃষ্টি আৰু গায়ক-গায়িকাৰ পৰিৱেশনৰ সমন্বয়েৰে এটা ভাল গীত হ’ব পাৰে। সেইদিশৰ পৰা পৰ্য্যৱেক্ষণ কৰিলে মই ভাবোঁ কল্পনাই সন্নিবিষ্ট কৰা গীতকেইটা গীতিসাহিত্যৰ ফালৰ পৰা যথেষ্ট বৈশিষ্ট্যপূৰ্ণ তথা সু-সুৰাৰোপিত।‘

অনুষ্ঠানতে উপস্থিত থকা শিক্ষাবিদ তথা গীতিকাৰ ড০ দীনেশ বৈশ্যই কয় ‘সকলো পুৰুষৰ সফলতাৰ আঁৰত যিদৰে এগৰাকী নাৰীৰ অৱদান থাকে, ঠিক তেনেকৈ এগৰাকী নাৰীৰো সফলতাৰ আঁৰত পুৰুষৰ অৱদান জৰিত হৈ থাকে। তাৰেই এক উদাহৰণ কল্পনা পাটোৱাৰীৰ স্বামী পাৰভেজ খান। কল্পনা পাটোৱাৰীয়ে যিখিনি সফলতা অৰ্জন কৰিছে তাৰ অন্তৰালত পাৰভেজৰ অৱদান জৰিত হৈ আছে। পাৰভেজ মুছলমান হোৱাৰ বিপৰীতে কল্পনা এগৰাকী হিন্দু নাৰী, তথাপিও দুয়োজন বিবাহপাশত আবদ্ধ হৈ অতি সুখ-সমৃদ্ধিৰে জীৱন অতিবাহিত কৰি আছে।‘

‘ভোজপুৰী কুইন’ৰূপে জনাজাত বিহাৰৰ ভোজপুৰী সংগীত জগতৰ বিখ্যাত গায়িকা কল্পনাৰ সম্পৰ্কে ‘সংগীতৰ মাধ্যমেৰে কল্পনাই এক আন্দোলন গঢ় দি আছে। সেই আন্দোলন হৈছে অধিকাৰৰ আন্দোলন। বৰ্তমান প্ৰেক্ষাপটত দলিত, সংখ্যালঘুসকলৰ অধিকাৰক লৈ এক বৃহৎ সংগ্ৰাম চলি আছে। বিহাৰৰ দৰে অতি দুৰ্ধৰ্ষ ৰাজ্যত কল্পনাই এক ভয়ংকৰ কাম কৰিছে‘ বুলি মত প্ৰকাশ কৰে।

লতা মঙ্গেশকৰৰ মেৰে প্যাৰে ৱটন কি ল’গ শীৰ্ষক গীতটিৰ উন্মোচনী অনুষ্ঠানত গীতিকাৰজনক আমন্ত্ৰণ নজনোৱাৰ কথা উল্লেখ কৰি বৈশ্যই ‘ভাৰতত গীতিকাৰসকলক অৱহেলাৰ দৃষ্টিৰে চোৱা হয়’ বুলি মন্তব্য কৰি কল্পনা পাটোৱাৰীয়ে গীতিকাৰসকলক এই উন্মোচনী অনুষ্ঠানত আমন্ত্ৰণ জনাই এক ব্যতিক্ৰমী তথা প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে বুলি গায়িকাগৰাকীৰ শলাগ লয়।

আছাম টকছৰ মুখ্য সম্পাদক অনুপম চক্ৰবৰ্তীয়ে সঞ্চালনা কৰা এই উন্মোচনী সভাত গীতিকাৰ-সুৰকাৰ অপূৰ্ব বেজবৰুৱা, বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ মাণিক দাস, সংগীত পৰিচালক তথা গীতিকাৰ কুল বৰুৱাও উপস্থিত আছিল।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd