বুধবাৰে কহিমাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে পৰিয়াল পৰিকল্পনাৰ এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। নাগালেণ্ড চৰকাৰে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিৰ পৰা জানিব পৰা মতে ভাৰত চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰ্যালয়ৰ উপ-সঞ্চালক ড০ এছ কে ছিকদাৰে উক্ত কৰ্মশালাখন উদ্বোধন কৰে। কৰ্মশালাখনক উদ্দেশ্যি ড০ ছিকদাৰে কয় যে পৰিয়াল পৰিকল্পনাৰ সজাগতাৰ অভাৱত সমগ্ৰ দেশৰে মাতৃ তথা সন্তানে বহু সমস্যাৰ মুখামুখি হৈ আহিছে, যাৰ উদ্দেশ্যে ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনাৰ বিষয়ত বহু নতুন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ লগত সংগতি ৰাখি ছিকদাৰে পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত ৰাজ্যসমূহ কি স্তৰত আছে আৰু কি দিশত উৎকৰ্ষ সাধনৰ থল আছে তাৰ ওপৰত আলোকপাত কৰি এক উপস্থাপন আগবঢ়াই। অনুষ্ঠানটোত নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপায়ুক্ত তথা সঞ্চালক আৰ ৰামকৃষ্ণনে অংশ লৈ কয় যে যিহেতু স্বাস্থ্য সকলোৰে লগত জড়িত এক বিষয় সেয়ে জনসাধৰণক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ইয়াৰ লগত জড়িত সকলো দিশ বিবেচনা কৰা উচিত। তেওঁ এই ক্ষেত্ৰত সমাজৰ আন আন প্ৰতিষ্ঠান বিশেষকৈ গীৰ্জা আদিক পৰিয়াল পৰিকল্পনাৰ ওপৰত সজাগতাৰ সৃষ্টিত আগভাগ ল’বলৈ আহ্বান জনায়। উক্ত কৰ্মশালাত ভাগ ল’বলৈ মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ বিভিন্ন জিলাৰ পৰা অহা বিষয়া সকলক আদৰণি জনায় নাগালেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ড০ লিমাকোম জামিৰে। তেওঁ প্ৰতিনিধি সকলক কৰ্মশালাখনৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ লগতে সকলো ধৰণৰ বিভ্ৰান্তি, সমস্যা আদি কৰ্মশালাত উপস্থিত থকা কেন্দ্ৰীয় বিষয়া সকলক অৱগত কৰি পৰিষ্কাৰ কৰি ল’বলৈ আহ্বান জনায়। কৰ্মশালাত কেন্দ্ৰীয় দলটোৱে ৰাজ্য সমূহৰ জিলা বিষয়া সকলক পৰিয়াল পৰিকল্পনাৰ বিভিন্ন বিষয়ৰ ওপৰত বিতংভাৱে আলোকপাত কৰে।