কাগজকল পুনৰুজ্জীৱিতৰ দাবীত পুনৰ আন্দোলনত নামিব কাগজকল সুৰক্ষা মঞ্চ

hindustan-paper-corporation

নগাওঁ আৰু কাছাৰ কাগজকল পুনৰ্জ্জীৱিতকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিপৰ্যন্ত কাৰ্যক্ষম হৈ নুঠাৰ প্ৰতিবাদত কাগজকল সুৰক্ষা মঞ্চই অহা ১৪ আগষ্টত অনশন কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰিছে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দি অহা ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দি তেওঁলোকে লগতে জনায় যে ইয়াৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ১৭ আগষ্টত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু পৰৱৰ্তী সময়ত আমৰণ অনশনকে ধৰি অন্যান্য আন্দোলন কাৰ্যসূচী ঘোষণা কৰিব।

মন কৰিব লগীয়া যে ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজকলৰ উৎপাদন বন্ধ হৈ থকাৰ বিপৰীতে ২০১৫ চনৰ অক্টোবৰৰ পৰা কাছাৰ কাগজকল বন্ধ হৈ আছে।

কাগজকল সুৰক্ষা মঞ্চই অভিযোগ কৰে যে কাগজকল দুটাৰ কাম বন্ধ হৈ যোৱাৰ ফলত ইয়াৰ কৰ্মচাৰীসকলৰ বৰ্হিঃৰাজ্যত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে এতিয়া অৰ্থৰ অভাৱত আধাতে শিক্ষা সামৰি গুচি আহিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।