কাজিৰঙাত দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষকে প্ৰদান কৰা বনকৰ্মীৰ বিশেষ প্ৰশিক্ষণৰ সামৰণী

Forest guards training at Kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু অগৰাতলি বনাঞ্চলত বিগত ৬ সপ্তাহ ধৰি চলা বনকৰ্মীৰ বিশেষ প্ৰশিক্ষণৰ আজি সামৰণী পৰে ৷

‘ট্ৰেনিং অৱ দ্যা ট্ৰেনাৰ্চ’ নামৰ এই প্ৰশিক্ষণত ৰাজ্যৰ গঁড় আৱাস থকা সংৰক্ষিত বনাঞ্চলৰ পৰা নিৰ্বাচিত কৰি অনা মুঠ ৩০ গৰাকী বনকৰ্মীক এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত বন বিভাগে আয়োজন কৰা এই প্ৰশিক্ষণত দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী মহাবিদ্যলয়ৰ অভিজ্ঞ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে বন কৰ্মী সকলক চোৰাংচিকাৰী বিৰুদ্ধে যুঁজিব পৰাকৈ বনাঞ্চলৰ ভিতৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ উপৰিও বিভিন্ন ধৰণৰ উন্নত অস্ত্ৰ চালনৰ প্ৰশিক্ষণৰ লগতে বন্যপ্ৰাণী অপৰাধৰ অনুসন্ধান, বনাঞ্চলত কৰিব লগা পেট্ৰলিং আদিৰো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে ৷

বাগৰিত প্ৰাৰম্ভিক প্ৰশিক্ষণ দি ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজৰ ১১ জনক নিৰ্বাচন কৰি অগৰাতলি বনাঞ্চলত পৰৱৰ্তী প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণৰ শেষত বনকৰ্মী সকলক উন্নত প্ৰযুক্তিৰ দূৰবীণ, জি পি এছ, কম্পাচ আদিৰ উপৰিও জোতা আৰু পোছাকো প্ৰদান কৰা হয় ৷

প্ৰশিক্ষণৰ শেষত আজি বোকাখাতস্থিত কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত বনকৰ্মী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত কাজিৰঙাৰ সঞ্চালক আকাশদীপ বৰুৱা, বিশ্ব প্ৰকৃতি নিধিৰ ডঃ অমৃত শৰ্মা, কাজিৰঙা উপ সঞ্চালক মুকুট দাস , প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিক আৰু প্ৰশিক্ষণ ৰ সমন্বয়ক নিৰেণ সিং উপস্থিত থাকে ৷

উল্লেখ্য যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বন কৰ্মী সকলে নিজ নিজ বনাঞ্চলত কৰ্মৰত বনকৰ্মীক গৈ প্ৰশিক্ষণ প্ৰদান কৰিবগৈ।

কাজিৰঙাত বনকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ পায় অতন্ত সুখী দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে অসমৰ বন বিভাগে বিচাৰিলে বনকৰ্মী সকলক আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে পুনৰ অসমলৈ অহাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷