কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ খাদ্য-সুৰক্ষা নিশ্চিতৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ বৈঠক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰে মুখ্যমন্ত্ৰীৰ বৈঠক বাৰিষাৰ সময়ছোৱাত বন্যপ্ৰাণীৰ খাদ্য আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৯ এপ্ৰিলত ৫ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতেএক বৈঠকত মিলিত হয়।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা ব্যৱস্থাত থকা আসোঁৱাহ দূৰ কৰা আৰু নিৰাপত্তা ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ বাবে বিশ্ব পৰ্যায়ত বিশেষ সফলতা লাভ কৰা পদ্ধতি সমূহ প্ৰয়োগ কৰিবলৈ বন বিভাগ, ৫খন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে বানপানীৰ সময়ত উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই যোৱা গঁড় সমূহক পুনৰ নিৰাপদে ওভতাই অনাৰ বাবে শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ বন সংমণ্ডল বিষয়া কেইগৰাকীক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান সমস্যা সমাধানৰ বাবে বিশেষজ্ঞ সকলৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

আনহাতে বৈঠকতে পুৰণি মথাউৰি শক্তিশালী কৰা আৰু মথাউৰিৰ কাম-কাজৰ বাবে নেশ্যনেল ব’ৰ্ড অফ ৱাইল্ড লাইফে অনুমোদন জনাইছে বুলিও মুখ্যমন্ত্ৰী গৰাকীক ফ্ৰেমাৰ মুখ্যকাৰ্যবাহী বিষয়া নীতিন খাৰে অৱগত কৰে। এই ক্ষেত্ৰত সকলো দিশ  চোৱা চিতা কৰাৰ পিছত এডিবি প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব বুলিও মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বাৰিষা কালছোৱাত নিৰীক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰিব লাগিব। এই ৫খন জিলাই সকলো সময়তে সজাগ হৈ থকাৰ উপৰি সহযোগিতাৰ দিশটো অধিক শক্তিশালী কৰি তুলিব লাগিব। বাৰিষাৰ সময়ছোৱাত মুঠ ৩৩ টা হাইলেণ্ডত সঠিকভাৱে নিৰীক্ষণ কৰিব লাগিব যাতে বন্যপ্ৰাণী সমূহৰ নিৰাপত্তা আৰু খাদ্য যোগান নিশ্চিত কৰিব পৰা যায়।

তাৰোপৰি গড়ঁৰ পোৱালি সমূহক যাতে বানপানীৰ সময়ত নিৰাপদে উদ্ধাৰ কৰিব পৰা যায় সেই দিশটো অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

প্ৰতিবছৰে বানপানীত কিমান সংখ্যক জীৱ-জন্তুৰ মৃত্যু হয় তাৰ ওপৰত বিশেষ দৃষ্টি ৰখাৰ লগতে বানপানীৰ সময়ছোৱাত নদী পেট্ৰ’লিঙৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ ওপৰতো মুখ্য মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে আজিৰ এই বৈঠকত জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাক মুখ্যমন্ত্ৰীয়ে সম্বৰ্দ্ধনা জনায়।