কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ভিলেজ ৰকষ্টাৰ্ছ

village-rockstars-tiff-570x320

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ আন চাৰিখন আঞ্চলিক চলচ্চিত্ৰৰ সৈতে এই বৰ্ষৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

ৰীমা দাসে পৰিচালনা কৰা ভিলেজ ৰকষ্টাৰ্ছ হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া ছবি। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰাৰ উপৰি ভিলেজ ৰকষ্টাৰ্ছে আন কেইবাটাও শাখাতো বঁটা লাভ কৰিছিল।

ৰীমা দাস ছবিখনৰ প্ৰযোজক, পৰিচালক, কাহিনীকাৰ, চিনেমাটোগ্ৰাফাৰ, সম্পাদনাৰ লগতে প্ৰডাকশ্যন ডিজাইনাৰ হিচাপেও আছে। তেওঁক সহায় কৰিছে ভগ্নী মল্লিকা দাসে। মল্লিকা দাসেও এই ছবিখনৰ বাবেই শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ বঁটা লাভ কৰিছে।

ছবিখনৰ মূল ভূমিকাত অভিনয় কৰা ভনিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা আৰু ৰীমা দাসে নিজেই শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিছে।

বিগত বছৰত তেওঁ তেওঁৰ চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ বাবে বিশ্বৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছে। প্ৰদৰ্শিত হোৱা প্ৰতিটো মহোৎসৱতে ছবিখনে সমাদৰ লাভ কৰিবলৈ হৈছে আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

সন্মানীয় মহোৎসৱখনত ভিলেজ ৰকষ্টাৰ্ছৰ লগতে প্ৰদৰ্শিত হ’বলগীয়া আন ভাৰতীয় আঞ্চলিক ভাষাৰ ছবিকেইখন হৈছে মালায়লম ছবি ‘ভয়ানকম’, লাক্ষাদ্বীপৰ জেচেৰি ছবি ‘সিঞ্জাৰ’ আৰু বাংলা কাহিনী ছবি ‘নগৰ কীৰ্তন’।

প্ৰথমবাৰৰ বাবে এই বছৰ অসমৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জাহু বৰুৱাকে ধৰি এটা চলচ্চিত্ৰ জগতৰ দলক নেতৃত্ব দি লৈ যাব কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে।