কাৰ্বি আংলঙত পি ডি চি কেৰে আৰক্ষীৰ সংঘৰ্ষ; উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

PDCK-570x320

উদ্ধাৰ হোৱা অস্ত্র-শস্ত্র

শনিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডলামৰা থানা এলেকাধীন বকাৰাম টকবী গাঁৱত জিলা আৰক্ষীৰ এক অভিযানকাৰী দলে সশস্ত্ৰ উগ্ৰপন্থী সংগঠন পি ডি চি কেৰে এক ভয়ংকৰ সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত অভিযানকাৰী দলটোৱে সংগঠনটোৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ডলামৰা থানাৰ অন্তৰ্গত বকাৰাম টকবী গাঁৱত সশস্ত্ৰ উগ্ৰপন্থী সংগঠন পি ডি চি কেৰ এটা শীৰ্ষ নেতৃত্বৰ দলে গোপনে বাহৰ পাতি থকাৰ খবৰ লাভ কৰাত জিলা আৰক্ষীৰ এটা দল অঞ্চলটোলৈ ৰাওনা হয়। আৰু এই অভিযানৰ সময়তে দুয়োপক্ষই প্ৰচণ্ড গুলীয়াগুলীত লিপ্ত হয়।

বহু সময় ধৰি চলা এই সংঘৰ্ষৰ অন্তত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা এইচ কে পইণ্ট ৩৩ ৰাইফল, ৭০ জাঁই সক্ৰিয় গুলী, দুটা মেগজিন, দুটা মোবাইল ফোনৰ লগতে বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এই অভিযানত উগ্ৰপন্থী দলটোৰ কেইবাগৰাকী সদস্য গুলীবিদ্ধ হয় যদিও ঘন জংঘলৰ সুযোগতে সদস্য কেইজন ঘটনাস্থলী এৰি আত্মগোপন কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

ইফালে উগ্ৰপন্থী সদস্য কেইজনক আটক কৰিবলৈ আৰক্ষীয়ে কালিৰ পৰা অভিযান চলাই আছে যদিও এই পৰ্যন্ত এজনো সদস্যক আটক কৰিবলৈ সক্ষম হোৱা নাই।