কাৰ্বি মহোৎসৱলৈ পীপলছ ডেমক্ৰেটিক কাউন্সিল অব কাৰ্বি-লংৰি (PDCK)ৰ শুভেচ্ছাবাণী

KarbiYouthFes

পীপলছ ডেমক্ৰেটিক কাউন্সিল অব কাৰ্বি-লংৰিয়ে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিটোৰ কিয়দংশ।

পীপলছ ডেমক্ৰেটিক কাউন্সিল অব কাৰ্বি-লংৰি (PDCK)য়ে ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ বাবে শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে। সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এই বাৰ্তা দিয়া হৈছে। বাৰ্তাটোত কোৱা হৈছে, ‘এইটো গৌৰৱৰ কথা যে কাৰ্বি যুৱ মহোৎসৱ কেৱল কাৰ্বিসকলৰ বাবেই নহয়, লগতে থলুৱা জনজাতি আৰু সম্প্ৰদায়বোৰৰ বাবেও ই গুৰুত্ব বহন কৰিছে।

বাৰ্তাটোত সংগঠনটোৱে এই বুলিও কয় যে কাৰ্বি যুৱ মহোৎসৱ পশ্চিম দক্ষিণ পূব এছিয়া (WESEA)ত বৃহত্তম জনগোষ্ঠীয় উৎসৱ। ই অধিক বিস্তৃত হোৱা উচিত। সংগঠনটোৱে কাৰ্বি যুৱ মহোৎসৱটো সফল হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা বুলিও কয়।

উল্লেখযোগ্য যে অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা ডিফুৰ তৰালাংচত ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি কালচাৰেল ছ’চাইটিৰ উদ্যোগত এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। আয়োজকে এইবাৰৰ মহোৎসৱত প্ৰায় ১ নিযুত লোকে অংশগ্রহণ কৰিব বুলি আশা কৰি আছে। কাৰ্বি লোকসংস্কৃতিৰ আদান-প্ৰদানৰ অন্যতম মঞ্চ হিচাপে পৰিচিত মহোৎসৱত ৰাজ্যখনৰ আন বহু জনগোষ্ঠীয়েও অংশ্ৰগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৭৪ চনত কেইজনমান উদ্যমী কাৰ্বি যুৱকৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল। তাৰ পাছত ১৯৭৭ চনৰ ৩০ জানুৱাৰীত কাৰ্বি কালচাৰেল ছ’চাইটীৰ গঠৰ জৰিয়তে মহোৎসৱখনে এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়।