কাৰ্য্যকালৰ অন্ত পৰিল যদিও ৪৩ মাহৰ দৰমহা পোৱা নাই পঞ্চায়তৰ প্ৰতিনিধিসকলে

Panchayat

ৰাজ্যখনত পঞ্চায়তী ব্যৱস্থাটোৰ জৰিয়তে গাৱঁৰ সাধাৰণ জনতাৰ মাজলৈ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিবোৰ লৈ যোৱা আৰু লগতে গাৱঁৰ উন্নয়নত প্ৰধান সাঁকোৰ ভূমিকা লোৱা পঞ্চায়ত প্ৰতিনিধিসকলে যোৱা ৪৩ মাহে লাভ কৰা নাই দৰমহা। কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰথম ১৭ মাহৰ দৰমহা পোৱাৰ পিছত বিগত দিন ধৰি প্ৰাপ্য পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হৈ আছে গাওঁ পঞ্চায়তৰ সভাপতি, ৱাৰ্ড সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আদিকে ধৰি এই জনপ্ৰতিনিধিসকল।

নিয়মমতে যোৱা ১৯ ফেব্ৰুৱাৰিতে বৰ্তমানৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্য্যকাল অন্ত পৰিছে যদিও তেওঁলোকেই পৰৱৰ্তী নিৰ্বাচিত প্ৰতিনিধিসকলে দায়িত্ব নোলোৱা পৰ্য্যন্ত কাম চলাই নিব লাগিব বুলি উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। এই অতিৰিক্ত কাৰ্য্যভাৰৰ বিনিময়তো পাৰিশ্ৰমিক পাব নে নাপাই জনা হোৱা নাই।

আগন্তুক ৰঙালী বিহুৰ প্ৰাকক্ষণতো বিজেপিৰ চৰকাৰখনক এওঁলোকৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্বই দিয়া দেখা নগ’ল। সামান্য দৰমহা পোৱা এই তৃণমূল পৰ্য্যায়ৰ জন প্ৰতিনিধিসকলক খোদ চৰকাৰেই শোষণ কৰি অহা নাইনে?

বিধানসভাত নিজৰ দৰমহা ইচ্ছামতে বৃদ্ধি কৰি লোৱা মন্ত্ৰী-বিধায়কসকলৰ সময় নাই এইসকল সৰু সৰু জনপ্ৰতিনিধিৰ স্বাৰ্থৰ কথা ভাবিবলৈ। তাৰ পৰিৱৰ্তে এইখন চৰকাৰে পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজাসকলৰ বাবে শৈক্ষিক যোগ্যতাকে ধৰি অন্যান্য অৰ্হতা বান্ধি দিয়াতহে ব্যস্ত হোৱা দেখা গ’ল। অথচ সেইবোৰ অৰ্হতা নোহোৱাকৈয়ে বিধানসভালৈ নিৰ্বাচিত হ’ব পৰাৰ বাট খোলা ৰাখিছে মন্ত্ৰী-বিধায়কসকলে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰম্য উন্নয়ন বিভাগৰ অধীনত ৰাজ্যখনত মুঠতে ২২০১খন গাওঁ পঞ্চায়ত, ১৮৫খন আঞ্চলিক পঞ্চায়ত আৰু ২১খন জিলা পৰিষদ আছে। ইয়াৰে কেৱল গাওঁ পঞ্চায়ততে আছে ২৪২২২জন জন প্ৰতিনিধি। সেইদৰে আঞ্চলিক পঞ্চায়তত আছে ২২০১ জন আৰু জিলা পৰিষদত আছে ২১ জন।