DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মোদীৰ ভ্ৰমণৰ সময়ত সংবাদকৰ্মীৰ প্ৰতি বৈষম্য বিজেপিৰ : ‘নিজা’ সংবাদ মাধ্যমৰ লোককহে কাৰ্য্যসূচীত উপস্থিত থকাৰ সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 4:32 pm
মোদীৰ ভ্ৰমণৰ সময়ত সংবাদকৰ্মীৰ প্ৰতি বৈষম্য বিজেপিৰ : ‘নিজা’ সংবাদ মাধ্যমৰ লোককহে কাৰ্য্যসূচীত উপস্থিত থকাৰ সুযোগ
73
VIEWS
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচনৰ অভিমুখে থকা মিজোৰাম আৰু মেঘালয় ভ্ৰমণলৈ উন্নয়নৰ টোপোলা লৈ অহা প্ৰধান মন্ত্ৰীয়ে আজি মিজোৰামৰ পৰা পোনে পোনে শ্বিলঙত উপস্থিত হয়গৈ, য’ত তেওঁক মেঘালয় ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা উষ্ণ আদৰণি জনোৱা হয়। তাৰ পিছতে প্ৰধান মন্ত্ৰীজনে ২,৩০০ কোটি টকীয়া শ্বিলং-নংষ্টইন-ৰংজেং-তুৰা (Shillong-Nongstoin-Rongjeng-Tura) সংযোগী এটা দুই লেনযুক্ত পথৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। এই পথটোৰ নিৰ্মাণকাৰ্য্যৰ উদ্বোধন কৰি প্ৰধান মন্ত্ৰীজনে ‘পৰিবহণৰ জৰিয়তে ৰূপান্তৰণ’ (Transformation by Transportation) ৰ কথা কয়। তাৰোপৰি তেওঁ কয় যে এই পথটোৱে হাজাৰ হাজাৰ লোকৰ ভ্ৰমণ সময় হ্ৰাস কৰিব, অৰ্থনীতিত অৰিহণা যোগাব আৰু শ্বিলং আৰু তুৰা চহৰৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰিব।

এই কাৰ্য্যসূচীৰ পিছতে প্ৰধান মন্ত্ৰীয়ে প’ল’ গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে।

উল্লেখযোগ্য যে আজিৰ শ্বিলং-নংষ্টইন-ৰংজেং-তুৰা (Shillong-Nongstoin-Rongjeng-Tura) সংযোগী পথটোৰ নিৰ্মাণকাৰ্য্য প্ৰধান মন্ত্ৰীয়ে শুভাৰম্ভ কৰা কাৰ্য্যসূচীত আয়োজকে কিছুমান সংবাদকৰ্মীৰ প্ৰতি বৈষম্য কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, মেঘালয় চৰকাৰৰ দ্বাৰা অনুমোদিত পাছ থকাৰ পিছতো সংবাদকৰ্মীসকলক মোদীৰ উক্ত কাৰ্য্যসূচীৰ খবৰ সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া নহ’ল। অসন্তুষ্ট সংবাদকৰ্মীসকলে কয় যে এছ পি জিৰ জোৱানসকলে তেওঁলোকক সভাগৃহত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। যেতিয়া তেওঁলোকে এছ পি জিৰ জোৱানসকলৰ সৈতে কথাৰ কটাকটি কৰি আছিল তেতিয়া এজন বিজেপি নেতাই এছ পি জিক ‘তেওঁলোক আমাৰ মেডিয়া নহয়’ বুলি কয়। ইয়াৰ পিছতে তৰ্কাতৰ্কিত লিপ্ত হয় সংবাদকৰ্মীসকল। তেতিয়া কেন্দ্ৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী আলফ’নছ জোছেফে হস্তক্ষেপ কৰে যদিও তেওঁলোকক তাৰ পাছতো ভিতৰলৈ যাবলৈ দিয়া নহ’ল। ফলত সাংবাদিকসকল বাহিৰতে ৰৈ থাকিব লগীয়া হয়।

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd