কৃষকৰ কল্যাণ সাধনেই এন পি পিৰ মূল লক্ষ্য : প্ৰেষ্টন টাইনছং

উমৰইত আয়োজিত সমাবেশত ভাষণ প্ৰদান প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰেষ্টন টাইনছঙৰ

এন পি পি  ক্ষমতাত আহিলে কৃষকৰ কল্যাণক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছৰ পৰা গৈ এন পি পিত যোগদান কৰা মেঘালয়ৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰেষ্টন টাইনছঙে।

মঙলবাৰে ৰিভই জিলাৰ উমৰইত আয়োজিত এখন নিৰ্বাচনী সমাবেশত উপস্থিত সকলক সম্বোধন কৰি তেওঁ বেংক সমূহে ঋণ প্ৰদানত কৃপণালি কৰাৰ বাবেই ৰাজ্যখনৰ কৃষক তথা ক্ষুদ্ৰ উদ্যোগী সকলৰ অৰ্থনৈতিক বিকাশ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুলি মন্তব্য কৰাৰ লগতে মেঘালয়ৰ মুখ্ যমন্ত্ৰী মুকুল চাংমা কৃষকসকলৰ নায্য প্ৰাপ্যৰ ক্ষেত্ৰত মুঠেই উদ্বিগ্ন নহয় বুলি অভিযোগ কৰে।

আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এন পি পি দলৰ প্ৰতিনিধি গেইটলাং ধাৰৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে উমৰইত আয়োজন কৰা উক্ত নিৰ্বাচনী সমাবেশখনত দহ হাজাৰতকৈ বেছি লোকক সম্বোধন কৰি দিয়া ভাষণত টাইনছঙে শাসনাধিষ্ঠিত কংগ্ৰেছ দলে এন পি পিৰ বিৰুদ্ধে জনমানসত ভুল ধাৰণা সৃষ্টিৰ উদ্দেশ্যৰে অপপ্ৰচাৰত নামি পৰিছে বুলি মন্তব্য কৰে।

আনহাতে সমাবেশখনত ভাষণ প্ৰদান কৰি ধাৰে কয় যে যোৱা ৪০ বছৰে সমষ্টিটোৰ উন্নয়নৰ বাবে যিমানখিনি কাম হৈ উঠিছে তেওঁ বিধায়ক হিচাপে নিজৰ ৪ বছৰীয়া শাসনকালত তাতকৈ বেছি কাম কৰিছে।