ৰংজুলিত বনৰীয়া হাতীৰ সন্ত্ৰাস : মেঘালয়ৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ

36320170_808128439577940_1754704993245462528_n

নিশা হ’লেই শংকিত হৈ পৰে গোৱালপাৰা জিলাৰ ৰংজুলিবাসী। কিয়নো অঞ্চলটোত মুক্ত বিচৰণ কৰি থকা প্ৰায় ২৫-৩০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশাও চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাকে ৰংজুলিৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে।

বনৰীয়া হাতীৰ জাকটোৱে কেৱল বাসগৃহ লণ্ডভণ্ড কৰাতেই ক্ষান্ত নাথাকি খেতিপথাৰৰ লগতে ভঁৰালৰ ধান আদি খাই তহিলং কৰাৰ লগতে পশুধনকো আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত পশুধনৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত এইদৰে সঘনাই মেঘালয় পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে মানুহৰ বসতিস্থানত আক্ৰমণ কৰাৰ লগতে কেইবাজন লোকৰো প্ৰাণ লোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ পাছতো নিৰ্বিকাৰ বন বিভাগ।

সঘনাই বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈ অহা অঞ্চলবাসীয়ে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ কাতৰ অনুৰোধ জনাই আহিছে যদিও এই পৰ্যন্ত ৰাজ্যৰ বিয়াগোম বন বিভাগটোৱে কোনো ধৰণৰ উচিত পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে গোৱালপাৰা জিলাৰ ভুক্তভোগী ৰাইজ।