ট্ৰাইবেল কো’অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেশ্যন লিমিটেড, চমুকৈ ট্ৰাইফেডৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ট্ৰাইফেড হৈছে দেশখনৰ জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে গঠিত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অন্তৰ্গত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় অনুষ্ঠান। কালি ২৫ মে’ত ট্ৰাইফেডৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈছিল আৰু এই সভাত ১১ গৰাকী ব’ৰ্ড অব ডাইৰেক্টৰ্ছক নতুনকৈ দায়িত্বভাৰ অৰ্পণ কৰা হয়।
নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ব’ৰ্ড অব ডাইৰেক্টৰ্ছে বিকাশৰ ক্ষেত্ৰত কাম কৰি থকা অন্য সহযোগীসকলৰ সৈতে একেলগে কাম কৰি জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন সাৰ্বজনীন আৰু বহনক্ষম বজাৰ সৃষ্টি কৰি জনজাতীয় লোকসকলৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন-ধাৰণৰ মান উন্নত কৰাৰ ট্ৰাইফেডৰ উদ্দেশ্যক আগবঢ়াই লৈ যাব।
ব’ৰ্ড অব ডাইৰেক্টৰ্ছে আৰু জনায় যে জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন উন্নত বজাৰৰ ব্যৱস্থা কৰি আৰু উৎপাদিত সামগ্ৰীৰ বাবে নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ, বনজ সামগ্ৰীসমূহৰ মূল্য সংযোজন কৰি জনজাতীয় কৃষকসকলৰ সামৰ্থ্য গঠন আৰু সম্পদ যথেষ্ট বৃদ্ধি কৰি ট্ৰাইফেডে জনজাতীয় লোকসকলৰ বাবে এটা বহনক্ষম জীৱিকা ব্যৱস্থাৰ সৃষ্টি কৰিব।
সমাজকৰ্মী আৰু স্তম্ভ লেখিকা প্ৰতিভা ব্ৰহ্মক ট্ৰাইফেডৰ উপাধ্যক্ষ হিচৈপে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে তেওঁ হৈছে এই পদৱীত অধিস্থিত প্ৰথমগৰাকী মহিলা। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিব। অসমৰ জনজাতিসকল বিশেষকৈ মহিলাসকলৰ পৰম্পৰাগত কাম কিছুমানত দক্ষতা আছে আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে সেই দক্ষতাসমূহ আৰু অধিক উন্নত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।