কোকৰাঝাৰত পৃথক বড়োলেণ্ডৰ দাবীত ৰাজহুৱা মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত

বড়োলেণ্ডৰ

আজি কোকৰাঝাৰত জিলা সদৌ অসম নিখিল বড়ো ছাত্ৰ সন্থাই এন ডি এফ বি ( পি) আৰু পি জে এ চি বি এমৰ সহযোগত পৃথক বড়োলেণ্ডৰ দাবীত কোকৰাঝাৰ শিশু উদ্যানত তিনি ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে এবছুৰ সভাপতি প্ৰমদ বড়ো সহ প্ৰায় শতাধিক সংগ্ৰামীয়ে মুণ্ডন কাৰ্যসূচী হাতত লয়।

উল্লেখযোগ্য যে বড়ো সকলে পৃথক ৰাজ্যৰ দাবীত দীৰ্ঘ দিন ধৰি আন্দোলন কৰি আহিছে। এই ক্ষেত্ৰত ২০১৭ চনৰ ২৬ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতে বিজেপি চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বৈঠক আয়োজন কৰি বড়োলেণ্ড সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল।

কিন্তু যোৱা বছৰৰ ২৬ এপ্ৰিলত কৰা আলোচনাৰ পিচৰ পৰা আজিলৈকে চৰকাৰে কোনো ধৰণৰ আলোচনা কৰা নাই। তাৰোপৰি যোৱা ২০১৪ চনৰ নিৰ্বাচনৰ ইষ্টিহাৰত লিখিত ৰূপত বড়োলেণ্ড সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বড়ো সকলৰ ভোট আদায় কৰি ক্ষমতালৈ অহাৰ পিছত বড়োলেণ্ড বিষয়ৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিজেপি চৰকাৰে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত এই অভিযোগ তুলি অতি শীঘ্ৰে বড়োলেণ্ডৰ ওপৰত ৰাজনৈতিক পৰ্যায়ৰ আলোচনা, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা আৰু কাৰ্বিআংলঙৰ বড়ো সকলক এছ টি (পাৰ্বত্য) দিয়াৰ দাবীৰে চহৰখন উত্তাল কৰি তুলিছে।

২০১৪ চনত প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে বড়োসকলক লিখিতভাৱে বড়োলেণ্ডৰ সমস্যা সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেই আশ্বাস কেৱল আশ্বাসতে থাকিল কাৰ্যক্ষেত্ৰত একো নহ’ল। যাৰ ফলত বড়ো ছাত্ৰ সংগঠনে আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আনহাতে এবছুৰ সভাপতি প্ৰমদ বড়োৱে কয় যে, ‘দাবী পূৰণ নোহোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব আৰু ২ মে’ৰ পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আৰু ইয়াৰ পিছত ৩৬ ঘণ্টীয়া চকা বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব।’

আজিৰ প্ৰতিবাদত এবছুৰ বহু সংখ্যক সদস্য, এন ডি এফ বি (পি) , পি জে এ চি বি এমৰ নেতা, সদস্য সকল উপস্থিত থাকে। পুৱা ১০ বজা পৰা ১ বজালৈ কৰা প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।