• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই

NE NOW NEWS এন ই নাও নিউজ
তুৰা , January 3, 2018 12:50 pm

2 min read

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই

আমপতিৰ ঘাহছাৰাত কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ড০ মুকুল ছাংমাই। ফটো : ইউবি ফটোছ

164
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই মঙলবাৰে তেওঁৰ নিজা সমষ্টি আমপতিৰ ঘাহছাৰাত কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো উদ্বোধন কৰি জনজাতি সম্প্ৰদায়ৰ হেৰাই যাব ধৰা সংস্কৃতি আৰু পৰম্পৰাগত মূল্যবোধ ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই কেন্দ্ৰটো চোৱা চিতা তথা পৰিচালনাৰ দায়িত্বত আছে আমপতিত মুখ্য কাৰ্যালয় থকা মেঘালয় কোচ এচোছিয়েচনে।

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো ৰাজ্যখনৰ কোচ সম্প্ৰদায়ৰ পৰম্পৰাগত কাৰ্য কলাপৰ এক কেন্দ্ৰ হিচাপে মুখ্যমন্ত্ৰীৰ চিন্তাৰ ফচল আৰু এইটো ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা পোৱা ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীত দক্ষিণ গাৰো পাহাৰ জিলাৰ উপায়ুক্ত চাইৰিল ডাৰলং ডেইংডো, জিএইছএডিচিৰ কাৰ্যবাহী সদস্য নৃপেন কোচ আৰু মেঘালয় কোচ এচোছিয়েচনৰ সদস্যসকল, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ সম্প্ৰদায়ৰ লোকসকলৰ লগতে স্থানীয় লোক উপস্থিত থাকে।

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ঘাহছাৰাৰ কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰত পৰম্পৰাগত গহনাৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে। ফটো : ইউবি ফটোছ

 

উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে চিন্তা ব্যক্ত কৰে যে বহু সম্প্ৰদায়ে তেওঁলোকৰ প্ৰাচীন পৰম্পৰা সংৰক্ষণ কৰাত ব্যৰ্থ হৈছে যাৰ ফলত তেওঁলোকৰ সংস্কৃতিৰ সম্পূৰ্ণ অৱক্ষয় আৰু বিলুপ্তি ঘটিছে।

‘’ এটা সম্প্ৰদায়ৰ সংস্কৃতি বা জীৱন প্ৰণালী তেওঁলোকৰ সাজ পোছাক বা তেওঁলোকৰ ভাষাটোতে সীমাবদ্ধ নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল বয়োজ্যেষ্ঠজনক সন্মান কৰা আৰু ৰীতি নীতি মানি চলাৰ দৰে পৰম্পৰাবোৰক হেৰাই যোৱাৰ পৰা ৰক্ষা কৰা,’’-ছাংমাই কয়।

তেওঁ কোচ ৰাজবংশী এচোছিয়েচনৰ সদস্যসকলক যুব প্ৰজন্মক পৰম্পৰাগত বাদ্যযন্ত্ৰ বজোৱা, নৃত্য আৰু নাটকৰ দৰে তেওঁলোকৰ সংস্কৃতিৰ লগত জড়িত হেৰাই যাব ধৰা কলাসমূহৰ প্ৰতি অনুপ্ৰাণিত কৰা আৰু প্ৰশিক্ষণ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে পৰম্পৰাগত কলাৰ বিভিন্ন আংগিকৰ জৰিয়তে সংস্কৃতিৰ প্ৰদৰ্শন প্ৰাচীন ৰীতিক সংৰক্ষণ কৰাৰ এটা দিশ যিয়ে যুৱ প্ৰজন্মক ইয়াৰ পৰিচয় সংৰক্ষণ তথা আকোঁৱালি লোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd