কোচ-ৰাজবংশীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ আলোচনাত অংশ নলয় আক্ৰাছুৱে

AKRSU

প্রতিনিধিত্বমূলক ফটো

ৰাজ্যখনৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে আমন্ত্ৰণ জনোৱা আলোচনাত আক্ৰাছুৱে অংশ নলয়। আক্ৰাছুৰ বঙাইগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শুকুৰবাৰে সংগঠনটোৱে এই কথা ঘোষণা কৰিছে।

সংবাদেমলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে জনায় যে আক্ৰাছুৱে দীৰ্ঘদিন ধৰি কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আন্দোলন কৰি আহিছে।

ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৰা কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়ক লৈ অহা ২০ জুলাইত কেন্দ্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আলোচনালৈ আক্ৰাছুক টেলিফোনযোগে আমন্ত্ৰণ জনোৱা হৈছে।

আক্ৰাছুৰ নেতৃত্বই পৃথক কমতাপুৰ ৰাজ্যৰ বিষয়টো আলোচনাত নিদিয়া বাবে আলোচনাত অংশগ্ৰহণ নকৰে সংবাদমেলযোগে জানিব দিয়ে।

আনহাতে, জনজাতিকৰণ তথা পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সংগঠনটোৱে আহ্বান দিয়া ২৪ ঘন্টীয়া কমতাপুৰ তথা অসম বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ গৃহ দপ্তৰৰ পৰা অনুৰোধ কৰা হৈছে যদিও আক্ৰাছুৱে এই কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নহয় বুলি সংবাদমেলত জানিবলৈ দিয়ে।

উক্ত সংবাদমেলত আক্ৰাছুৰ উপদেষ্টাদ্বয় প্ৰদীপ ৰায়, হিতেশ্বৰ বৰ্মন, সাংগঠনিক সম্পাদক ব্ৰজেন ৰায়, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰো উপস্থিত থাকে।