১১ সংখ্যক বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰত যোগদান কৰাৰ বাবে যাবলগীয়া ভাৰতীয় দলটোত অসমৰ ৮ গৰাকী কেৰাটে খেলুৱৈক নিৰ্বাচিত কৰা হৈছে। এই চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰটোত যোগ দিবলগীয়া অসমীয়া খেলুৱৈকেইগৰাকী হৈছে হেম্ফু বংজাং, নীলাভ নয়ন ঠাকুৰীয়া, সৌৰভ কুমাৰ গগৈ, আকাংখ্যা কোঁৱৰ, ঈশিতা কাশ্যপ, পুনীত জাখাল, আশীস তালুকদাৰ আৰু আয়ুষ্মান পাচনি। এই আঠগৰাকী খেলুৱৈৰ উপৰিও য়ুনাইটেড কাৰাটে-ডো অব আছামৰ ৩ গৰাকী বিষয়ববীয়াও দলটোৰ সৈতে যাব।
তেওঁলোকৰ ভিতৰত আছে মুখ্য প্ৰশিক্ষক নগেন বংজাং আৰু দলীয় বিষয়ববীয়া হিচাপে সুনীল কুমাৰ গগৈ আৰু ৰমেন চক্ৰবৰ্তীক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
এই প্ৰতিযোগিতা তথা প্ৰশিক্ষণ শিবিৰটো ক্ৰ’ৱেচিয়াৰ উমাগত অহা জুলাইৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈ অনুষ্ঠিত হ’ব। এক আনুষ্ঠানিক বিজ্ঞপ্তিযোগে কাৰাটে এছোচিয়েশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদকে য়ুনাইটেড কাৰাটে-ডো এছোচিয়েশ্যন অব আছামক এই কথা জনাইছে।
একেই জাননীযোগে য়ুনাইটেড কাৰাটে-ডো এছোচিয়েশ্যন অব আছামক নিৰ্দেশ দিয়া হৈছে যাতে নিৰ্বাচিত খেলুৱৈ আৰু দলীয় বিষয়ববীয়াসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা হয়।
কাৰাটে এছোচিয়েশ্যন অব ইণ্ডিয়াই সময়মতে বিদেশ ভ্ৰমণৰ আনুষ্ঠানিকতাখিনি পূৰ্ণ কৰাৰ বাবে নিৰ্বাচিত খেলুৱৈ আৰু দলীয় বিষয়ববীয়াসকলৰ বৈধ পাৰপত্ৰসমূহ ১ সপ্তাহৰ ভিতৰতে জমা দিয়াৰ বাবে য়ুনাইটেড কাৰাটে-ডো এছোচিয়েশ্যন অব আছামক নিৰ্দেশ দিছে।