• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 1:34 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাৰ খবৰে ৰাজ্যত এতিয়া খলকনি তুলিছে। গুৱাহাটী আৰু বৰপেটাৰ দুই ঘৰৰ পৰা মুঠ প্ৰায় দুই কোটি টকাৰ নগদ ধন আৰু সোণৰ অলংকাৰ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে বিশেষ তদাৰকী কোষে তেওঁক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, এই অভিযানৰ সময়ত গুৱাহাটীৰ নুপুৰৰ ঘৰৰ পৰা নগদ ৯২ লাখ টকা আৰু প্ৰায় ১ কোটি টকাৰ গহনা উদ্ধাৰ কৰা হৈছে। বৰপেটাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হৈছে নগদ আন ১০ লাখ টকা।

Apply Now

নুপুৰৰ জন্ম ১৯৮৯ চনৰ ৩১ মাৰ্চত গোলাঘাট জিলাত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ২০১৯ চনত অসম অসামৰিক সেৱাত যোগদান কৰে। তাৰ আগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ত প্ৰবক্তা হিচাপে কাম কৰিছিল।

ইয়াৰ পিছত ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা তেওঁৰ প্ৰশাসনিক জীৱন আৰম্ভ হয়। প্ৰথম কাৰ্বি আংলং জিলাৰ সহকাৰী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। ২০২৩ চনৰ জুন মাহলৈকে সেই কৰ্তব্য পালন কৰাৰ পিছত বৰপেটাত চক্ৰ বিষয়া হিচাপে বদলি হয়। তাৰ পিছত তেওঁক কামৰূপ জিলালৈ বদলি কৰা হয়। বৰ্তমান তেওঁ কামৰূপ জিলাৰ গৰৈমাৰীত চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল।

অভিযোগ অনুসৰি মাত্ৰ ছবছৰ চৰকাৰী সেৱাত কটোৱা নুপুৰ বৰাই বিপুল সম্পত্তিৰ মালিক হৈ পৰিছে। চৰকাৰী দৰমহাৰ তুলনাত তেওঁৰ উপাৰ্জন অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ভূমি, নগদ ধন আৰু অন্যান্য সম্পত্তি অধিগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন হৈছে।

বিশেষ তদাৰকী শাখাই তেওঁৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত বৰপেটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী সুৰজিৎ ​​ডেকাৰ ঘৰতো তালাচী চলায়। অভিযোগ অনুসৰি বৰপেটাত চক্ৰ বিষয়া হৈ থকা সময়ত নুপুৰ বৰাৰ সহায়ত তেওঁ কেইবাঠাইতো মাটি ক্ৰয় কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নুপুৰ বৰাক ছমাহ ধৰি নিৰীক্ষণ কৰি আছিল। অভিযোগ অনুসৰি, তেওঁ বিতৰ্কিত ভূমি গোচৰৰ সৈতে জড়িত আছিল। সম্প্ৰতি সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। ইয়াৰ লগত আৰু বহু লোক জড়িত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিভাগটোৱে সময়ে সময়ে নুপুৰ বৰাৰ বিৰুদ্ধে মাটি বিক্ৰীৰ অভিযোগ লাভ কৰি আহিছে। তেওঁ  কয় যে বৰপেটা জিলাত চক্ৰ বিষয়া হিচাপে কাম কৰি থকাৰ সময়তে নুপুৰ বৰাই মিঞা বুলি উল্লেখ কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত চৰকাৰী আৰু সত্ৰৰ মাটি অবৈধভাৱে পঞ্জীয়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অসম আৰু বাংলাদেশত বাংলাভাষী মুছলমানক মিঞা বুলি কোৱা হয়। বিজেপিয়ে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী বুলি লক্ষ্য কৰি লৈছে। বিজেপিৰ দাবী, তেওঁলোকে বাংলাদেশৰ পৰা গোপনে এই দেশত প্ৰৱেশ কৰিছে। এই জনসংখ্যাৰ মানুহে প্ৰকৃত অসমীয়া বাসিন্দাৰ মাটি-ঘৰ কাঢ়ি নিছে বুলিও প্ৰচাৰ চলাইছে বিজেপিয়ে।

নূপূৰ বৰাৰ বিৰুদ্ধে সোমবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা তালাচী অভিযান এতিয়াও অব্যাহত আছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এজাহাৰত উল্লেখ আছে যে নুপুৰে মাটি ক্ৰয় আৰু পঞ্জীয়ন সম্পৰ্কীয় এখন ৰেট কাৰ্ড প্ৰস্তুত কৰিছিল। য’ত উৎকোচৰ পৰিমাণ আছিল ১৫০০ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত। অভিযোগ অনুসৰি, ভূমিৰ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত আৰু কৰ্তনৰ বাবে এই ধন নুপুৰে লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd