মোডী চৰকাৰে মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ্নিধাৰণ বিধেয়ক (ডিলিমিটেশ্যন বিল) লৈ আকৌ এক বৃহৎ পদক্ষেপ ল’বলৈ সাজু হৈছে। প্ৰায় ৭ মাহ পূৰ্বে এপ্ৰিল মাহত সংখ্যাগৰিষ্ঠতাৰ অভাৱত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত কৰিব পৰা নাছিল।
যোৱা ৭ মাহত কেৱল পৰিস্থিতি সলনি হোৱাই নহয়, বহু পানী ঘোলা হৈছে। ৰাজনৈতিক সমীকৰণো সলনি হৈছে। চৰকাৰে আশা কৰিছে যে এইবাৰ একাংশ বিৰোধী দলক একত্ৰিত কৰি সংসদত প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’ব।
৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব সংসদৰ অধিৱেশন। সেইদিনা লোকসভাৰ অধিৱেশন আৰু ২ ডিচেম্বৰত ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব। প্ৰশ্ন হ’ল, যোৱা ৭ মাহত কি এনে ৰাজনৈতিক সমীকৰণৰ সৃষ্টি হৈছে যে মোডী চৰকাৰে পুনৰ সমষ্টি নিৰ্ধাৰণ বিধেয়কখন আনিবলৈ সাজু হৈছে?
এপ্ৰিল মাহত মোডী চৰকাৰৰ প্ৰথম পদক্ষেপ কিয় বিফল হৈছিল? কেন্দ্ৰীয় চৰকাৰে বাজেট অধিবেশনৰ দ্বিতীয় খণ্ডত ১৬ এপ্ৰিলত লোকসভাত ৩খন বিধেয়ক উত্থাপন কৰে। ইয়াৰ ভিতৰত আছিল ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক, সমষ্টিৰ সীমা নিৰ্ধাৰণ বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সংশোধনী আইন।
চৰকাৰৰ লক্ষ্য আছিল লোকসভাৰ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰা। ডিলিমিটেশ্যনৰ পথ প্ৰশস্ত কৰা আৰু ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা।
সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু ১৭ এপ্ৰিলত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত কৰাত ব্যৰ্থ হয়। চৰকাৰে ২৯৮ টা ভোট সপক্ষে আৰু ২৩০ টা বিপক্ষে লাভ কৰে। য’ত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ বাবে ৩৫২টা ভোটৰ প্ৰয়োজন হৈছিল। ইয়াৰ পিছত চৰকাৰে বাকী দুখন বিধেয়ক লৈ আগবাঢ়ি নাহিল। এতিয়া চৰকাৰে পুনৰ প্ৰস্তুতি চলাইছে।
সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। য’ত সমষ্টিৰ সীমা নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বিষয়টো বিবেচনা কৰিব পাৰে। ইয়াৰ ফলত এই প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰে মাত্ৰ ৭ মাহতে সংখ্যাৰ খেলখন হাতলৈ আনিলে নেকি?
যোৱা এপ্ৰিল মাহত চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বিৰোধীৰ ঐক্য। কিন্তু নৱেম্বৰ মাহলৈকে বিৰোধীৰ ভিতৰত ৰাজনৈতিক পৰিৱৰ্তন ঘটিছে।
* ৫৪৩ জনীয়া লোকসভাত বিধেয়কখন গৃহীত হ’বলৈ ৩৬১ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। তিনিখন সংসদীয় আসন খালী। সেয়ে এতিয়া লোকসভাত ৫৪০ জন সাংসদ আছে। ফলত প্ৰয়োজনীয় দুই তৃতীয়াংশৰ বাবে ৩৬০ জনৰ সমৰ্থন প্ৰয়োজন। বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটত বৰ্তমান ৩১৯ জন সাংসদ আছে। লোকসভাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ তুলনাত এই সংখ্যা ৪১ টা কম।
* এন ডি এৰ ৰাজ্যসভাত ১৫১ জন সাংসদ আছে। ৰাজ্যসভাত মুঠ ২৪৩ গৰাকী সাংসদে ভোটদান কৰিব। ফলত ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিবলৈ প্রয়োজন হোৱা ১৬২টা ভোটৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ তুলনাত এন ডি এৰ সম্প্ৰতি ১১ টা ভোট কম।
* তৃণমূল কংগ্ৰেছৰ ২০ জন বিদ্ৰোহী সাংসদ আৰু ৬ গৰাকী শিৱসেনাৰ সাংসদৰ দলত্যাগৰ ফলত বিৰোধী শিবিৰৰ শক্তি হ্ৰাস পাইছে। বাকী ভোট লাভ কৰিবলৈ চৰকাৰে ২২ জন ডি এম কে সাংসদ আৰু শাৰদ পাৱাৰ গোটৰ ৮ জন সাংসদৰ সমৰ্থন বিচাৰিব বুলি চৰ্চা চলিছে।
* সংসদৰ পৰা নিলম্বিত তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী। কাৰাগাৰত আছে ৰছিদ আৰু অমৃতপাল সিং। ফলত বিৰোধী দলটোৱে আৰু ৩টা ভোট হেৰুৱাব।
* শাৰদ পাৱাৰ, ডি এম কে আৰু কেজৰিৱালৰ দলৰ সুৰ সলনি হৈছে। ইমান বছৰৰ মূৰত পুনৰ এন ডি এত যোগদান কৰিছে আকালি দলে।





