হায়দৰাবাদত আয়োজিত ‘ভাৰত ছামিট ২০২৬’ত ইটালীৰ ৰাজনীতিবিদ জিয়াক’ম’ ফিলিবেকে ‘ভোট চোৰ, গদ্দী ছোড়’ শ্ল’গান দিয়াৰ ভিডিঅ’সমূহ আঁতৰোৱাৰ দাবীৰে দাখিল কৰা এখন আৱেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। আৱেদনখনত কংগ্ৰেছৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত বিদেশী প্ৰতিনিধিসকলৰ অংশগ্ৰহণ আৰু তেওঁলোকক প্ৰদান কৰা অনুমতি সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ জৰিয়তে স্বতন্ত্ৰ তদন্তৰো দাবী জনোৱা হৈছিল।
ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন কৰি আৱেদনকাৰীৰ অধিবক্তাই অভিযোগ কৰিছিল যে ‘পাৰ্টি অৱ ইউৰোপিয়ান ছ’চিয়েলিষ্টছ’ৰ সাধাৰণ সম্পাদক ফিলিবেকে চৰকাৰক সমালোচনা কৰি আৰু বিৰোধীৰ প্ৰতি সমৰ্থন আগবঢ়াই ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছে।
যোৱা ১৩ আৰু ১৪ নৱেম্বৰত হায়দৰাবাদত অনুষ্ঠিত ‘ভাৰত ছামিট ২০২৬’ত ফিলিবেকে কৰা মন্তব্যৰ পাছতেই এই আৱেদন দাখিল কৰা হৈছিল। সভাত তেওঁ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি ভাৰতত গণতন্ত্ৰ “আক্ৰমণৰ সন্মুখীন হৈছে” বুলি মন্তব্য কৰিছিল আৰু ইয়াক ৰক্ষা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচাৰিছিল। ৰাহুল গান্ধীয়ে জনপ্ৰিয় কৰা এই শ্ল’গানটো ফিলিবেকে ব্যৱহাৰ কৰাক লৈ বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছিল আৰু বিদেশী ৰাজনৈতিক প্ৰতিনিধিক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰিবলৈ সুযোগ দিয়াৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰিছিল।
ভাষণ প্ৰসংগত ফিলিবেকে কৈছিল যে পিইএছ, কংগ্ৰেছ আৰু বিশ্বৰ অন্যান্য ৰাজনৈতিক আন্দোলনসমূহ সামাজিক ন্যায়, জলবায়ু ন্যায়, মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ এক প্ৰগতিশীল মিত্ৰজোঁটৰ অংশ। তেওঁ লগতে কৈছিল, “প্ৰকৃত গণতন্ত্ৰ দুৰ্নীতিগ্ৰস্ত নহয়, কাৰচুপি কৰা নহয়, ভুৱা নহয়।”
উল্লেখযোগ্য যে ‘পাৰ্টি অৱ ইউৰোপিয়ান ছ’চিয়েলিষ্টছ’ হৈছে ইউৰোপৰ সমাজবাদী, সামাজিক গণতান্ত্ৰিক আৰু শ্ৰমিক দলসমূহক একত্ৰিত কৰা এটা আন্তঃৰাষ্ট্ৰীয় ইউৰোপীয় ৰাজনৈতিক দল। আনহাতে, ‘ভাৰত ছামিট ২০২৬’ত ৭০খন দেশৰ প্ৰায় ১,০০০ প্ৰতিনিধি, নীতি-নিৰ্ধাৰক আৰু চিন্তাবিদে অংশগ্ৰহণ কৰি ভূ-ৰাজনীতি, গণতন্ত্ৰ, জলবায়ু পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰগতিশীল ৰাজনীতিৰ ওপৰত আলোচনা কৰিছিল।





