কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আছাম ৰাইফলচৰ জোৱানৰ

আত্মহত্যা

প্ৰতিনিধিত্বমূলক ফটো

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পত্নীৰ এজন নিৰাপত্তাৰক্ষীয়ে আত্মহত্যা কৰাৰ পিছতে আজি পুনৰ আছাম ৰাইফলছৰ এজন ড্ৰাইভাৰে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাক লৈ আৰক্ষী মহলৰ মাজত চাঞ্চল্যই বিৰাজ কৰিছে।

দিচপুৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি আসাম ৰাইফলচৰ হাফলং শাখাত ড্ৰাইভাৰ হিচাপে কৰ্মৰত ৰাজিন্দৰ সিং(৩৭) নামৰ লোকজনে নিশা প্ৰায় ১১:৩০ বজাত নিজৰ ৯ এম এম পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে।

আনহাতে আৰক্ষীয়ে বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা নাই যদিও পাৰিবাৰিক কাৰণতে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

তদুপৰি দিচপুৰ আৰক্ষীয়ে আমাক জনোৱা অনুসৰি কালি নিশা ড্ৰাইভাৰজনে আছাম ৰাইফলছৰ কেইজনমান জোৱানক লৈ হাফলঙৰ পৰা খানাপাৰাস্থিত আসাম ৰাইফলছৰ কাৰ্য্যালয়লৈ আহিছিল। গাড়ীৰ পৰা তেওঁ জোৱান কেইজনক নমাই কিছু সময় পিছতে সেই গাড়ীখনতে নিজৰ চাৰ্ভিছ পিষ্টলৰে গুলীয়াই আত্মহত্যা কৰে।

জানিব পৰা মতে মৃত ড্ৰাইভাৰজনৰ ঘৰ পঞ্জাবৰ গুৰুদাসপুৰত। আৰক্ষীয়ে ইতিমধ্যে ড্ৰাইভাৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে।